বাক্সা, ১২ জানুৱাৰী : সোতৰ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে বিটিচি পৰিষদ গঠন কৰা ইউপিপিএলৰ নেতৃত্বাধীন পাৰিষদৰ বাক্সা জিলা সমিতিৰ উদ্যোগত মুছলপুৰত বিজয় উৎসৱ অনুষ্ঠান পালন কৰা হয় । বাক্সা জিলাৰ মুছলপুৰৰ দূৰ্গা মন্দিৰৰ প্ৰাংগণত বিয়লি অনুষ্ঠিত হয় এই বিজয় উৎসৱ ৷ এই বিজয় উৎসৱত বাগানপাৰা সমষ্টিৰ বিজয়ী প্ৰাৰ্থী তথা বিটিচিৰ বিধান পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়ো, মুছলপুৰ সমষ্টিৰ বিজয়ী প্ৰাৰ্থী ৰাকেশ ব্ৰহ্ম, গোৰেশ্বৰ সমষ্টিৰ বিজয়ী প্ৰাৰ্থী পবিত্ৰ কুমাৰ বড়ো, বাক্সা জিলা বিজেপিৰ সভাপতি ৰামদাহাল উপস্থিত থাকে । ইয়াৰ পিছতে উক্ত উৎসৱত অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় শিল্পী কুমাৰ ভৱেশ, সুলেখা বসুমতাৰীকে ধৰি কেইবাগৰাকী শিল্পীয়ে গীত পৰিৱেশন কৰে ।
মুছলপুৰত ইউপিপিএল দলৰ বিজয় উৎসৱ
মুছলপুৰত অনুষ্ঠিত হয় ইউপিপিএল দলৰ বিজয় উৎসৱ ৷ বাক্সা জিলাৰ এবছু আৰু ইউপিপিএলৰ উদ্যোগত অনুষ্ঠিত হোৱা এই উৎসৱত অংশগ্ৰহণ কৰে ইউপিপিএলৰ দলৰ বহু নেতাই ৷
মুছলপুৰত ইউপিপিএল দলৰ বিজয় উৎসৱ
বাক্সা জিলাৰ এবছু আৰু ইউপিপিএলৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত বিটিচিৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস, ইউপিপিএলৰ কেন্দ্ৰীয় নেতা মইনুল আলি, ইউপিপিএল আৰু এবছু বাক্সা জিলা সমিতিৰ সভাপতি আৰু সম্পাদকৰ লগতে বহু লোক উপস্থিত থাকে । ইয়াৰ পাচতে বিজয় উৎসৱত অনুষ্ঠিত হোৱা এখন সভাত সাংসদ নৱ শৰণীয়াই অংশগ্ৰহণ কৰে আৰু সকলোৱে একেলগে থাকি বিটিআৰক সৰ্বাংগসুন্দৰ কৰি তুলিব লাগিব বুলি মন্তব্য কৰে ৷
অন্য এক খবৰৰ বাবে: ভোগালীৰ প্ৰস্তুতিত ব্যস্ত বিধায়ক মৃণাল শইকীয়া