বাক্সা,16 জানুৱাৰী :পথদুৰ্ঘটনা ৰোধৰ বাবে ভোগালীৰ দ্বিতীয় দিনাও বৰমাৰ ৰাজপথত চলিল আৰক্ষীৰ অভিযান ৷ বাক্সা জিলাৰ বৰমাত সুৰাসক্ত চালক, হেলমেট পৰিধান নকৰা, ৪ চকীয়া বাহনত চিট বেল্ট পৰিধান নকৰা যান-বাহন চালকৰ ওপৰত তীব্ৰ তালাচী অভিযান চলালে আৰক্ষীয়ে (Baksa traffic police strict against Drink and Drive)৷
ক্ৰমাৎ বৃদ্ধি পোৱা পথ দুৰ্ঘটনাসমূহ ৰোধ কৰাৰ লগতে জিলাখনত যান-বাহন আইন অমান্য কৰি বাহন চলোৱাৰ ফলত বহুতে ভৰিবলগীয়া হৈছে জৰিমনা । যিসকলে যান-বাহন আইন উলংঘা কৰিছে, তেওঁলোকক কঠোৰ জৰিমনা বিহে আৰক্ষীয়ে ৷ প্ৰতিজন মটৰ চাইকেল আৰোহীক হেলমেট পৰিধান কৰাৰ (Helmets mandatory for pillion riders in Baksa) লগতে কোনো কাৰণত যাতে সুৰা সেৱন কৰি বাহন চলাব নোৱাৰে তাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰে আৰক্ষীয়ে ৷