অসম

assam

ETV Bharat / state

বৰমাত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান

বৰমাত বুজন পৰিমাণৰ গুটখা, শিখৰ আদি নিচাজাতীয় সামগ্ৰী জব্দ কৰে জিলাখনৰ খাদ্য পৰিদৰ্শক,অসামৰিক যোগান বিষয়া আৰু অতিৰিক্ত উপায়ুক্তই ৷ জিলাখনত দীৰ্ঘদিনৰ পৰা ম্যাদ উকলা সামগ্ৰীৰ লগতে নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷

By

Published : Jul 21, 2020, 7:38 PM IST

baksa_supply_inquiry_marcket
বৰমাত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান

বাক্সা,21জুলাই: আজি বাক্সা জিলাৰ বৰমাত জব্দ কৰা হয় বুজন পৰিমাণৰ গুটখা,চিখৰ আদি নিচাজাতীয় সামগ্ৰী ৷ জিলাখনৰ খাদ্য পৰিদৰ্শক বিনয় ব্ৰহ্ম আৰু অসামৰিক যোগান বিষয়া মানস কলিতা,আলোক মুখাৰ্জী আৰু অতিৰিক্ত উপায়ুক্ত ছাইফুদৌল্লা খানে বৰমা আৰক্ষীৰ সহযোগত তালাচী চলাই বৰমাৰ মাজমজিয়াত থকা কনক ষ্টোৰ আৰু পাঞ্চজন্য ব্যৱসায়ী প্ৰতিষ্ঠান দুখনৰ পৰা জব্দ কৰে এই নিচাজাতীয় সামগ্ৰীখিনি ৷ দীৰ্ঘদীন ধৰি এই ব্যৱসায়িক প্ৰতিষ্ঠান দুখনে চলাই আহিছিল গুটখা,চিখৰ আদিৰ ৰমৰমীয়া ব্যৱসায় ৷ স্থানীয় লোকৰ অভিযোগৰ ভিত্তিতেই খাদ্য পৰিদৰ্শক,অসামৰিক যোগান বিষয়া আৰু জিলা অতিৰিক্ত উপায়ুক্তই জব্দ কৰে সামগ্ৰীখিনি ৷ জব্দ কৰা সামগ্ৰীখিনি বৰমা চেম্বাৰ্চ অফ কমাৰ্চৰ অধিনত ৰখাৰ লগতে ম্যাদ উকলা সামগ্ৰীখিনি পৰীক্ষণৰ বাবে লৈ যায় খাদ্য পৰীক্ষণ বিষয়াই ৷

বৰমাত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান

অন্য এক খবৰৰ বাবে: মহানগৰীত হোম আইচলেচনত থকা প্ৰথমজন কৰ'ণা ৰোগীৰ মৃত্যু

উল্লেখ্য যে,কিছুদিন পূৰ্বে বৰমাৰ কনক ষ্টোৰৰ স্বত্বাধিকাৰী বিপুল শৰ্মাই বৰমাৰ এগৰাকী মহিলা আৰু এজন লোকৰ ওচৰত বিক্ৰী কৰিছিল ম্যাদ উকলা বিস্কুট আৰু শিশু খাদ্য ৷ এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই জিলা উপায়ুক্তৰ নিৰ্দেশত ব্যৱসায় প্ৰতিষ্ঠান দুখনত আকস্মিক তালাচী চলোৱা হয় ৷ তালাচীত ভূটানৰ মোহৰ থকা শীতল পানীয় জব্দ কৰাৰ লগতে বছৰ-বছৰ ধৰি ব্যৱসায় প্ৰতিষ্ঠান দুখনে চৰকাৰী কোনো অনুমতি নোহোৱাকৈ ব্যৱসায় চলাই থকাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক শীঘ্ৰে চৰকাৰী অনুমতি ল'বলৈ নিৰ্দেশ দিয়ে খাদ্য পৰিদৰ্শন বিষয়া আৰু জিলা অতিৰীক্ত উপায়ুক্ত চাইফুদুল্লাহ খানে ৷ অন্যথা আইন মতে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়ে ব্যৱসায়ী প্ৰতিষ্ঠান দুখনক ৷

ABOUT THE AUTHOR

...view details