অসম

assam

ETV Bharat / state

20 হাজাৰ টকা লৈও মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট নিদিলে চিকিৎসকে ! - sucide

বাক্সাত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবদ বিশ হাজাৰ টকা উৎকোচ ল’লে চিকিৎসকে ৷ ২২ দিন অতিবাহিত হোৱাৰ পাচতো পৰিয়ালে নেপালে মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট ৷

baksa_sucide_news
অমানৱীয়: মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ বিচাৰিলে চিকিৎসকে

By

Published : May 9, 2021, 10:04 PM IST

বাক্সা, ৯ মে':বাক্সা জিলাৰ শিমলা থানাৰ অন্তৰ্গত ঝাৰাবাৰী-আলিগুৰি গাঁৱৰ নিবাসী নীলিমা বড়ো(২৬)ৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট বিচাৰি সৰ্বস্বান্ত পিতৃ পৰিয়াল । বিশ হাজাৰ টকা উৎকোচ লোৱাৰ পাচতো চিকিৎসকে নিদিলে মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট ।

সম্প্ৰতি, মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট বিচৰাৰ লগতে নীলিমা বড়োৰ হত্যাৰ অভিযোগৰ তদন্তৰে ন্যায় বিচাৰিছে নীলিমা বড়োৰ পিতৃ বৰখাগ্ৰাৰ নিবাসী হোমেশ্বৰ বড়োৱে। এটি দুখীয়া পৰিয়ালৰ সন্তান আছিল নীলিমা বড়ো(২৬)।

বাক্সা জিলাৰ শিমলা থানাৰ অন্তৰ্গত বৰখাগ্ৰাৰ নিবাসী হোমেশ্বৰ বড়োৰ ডাঙৰ ছোৱালী আছিল নীলিমা । প্ৰায় তিনি বছৰ পূৰ্বে জিলাখনৰ জালাহ আৰক্ষী চকীৰ অন্তৰ্গত ঝাৰাবাৰী আলিগুৰি গাঁৱৰ নিবাসী অক্ষয় বড়োৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল তেওঁ। কিন্তু যোৱা 1 ব'হাগ অৰ্থাৎ, ১৫ এপ্রিলৰ দিনা দুয়োৰে সংসাৰত লাগিছিল কেনা । নীলিমা বড়োৱে ভনীয়েক সৌৰজিলা বড়োৰ সৈতে ফোন যোগে কথা পতাৰ পিছ মূহুর্ততেই আহিছিল এটা অনাকাংক্ষিত খবৰ । খবৰ আহিছিল যে, নীলিমা বড়ো আৰু নাই, ইতিমধ্যে তেওঁ চীপ লৈ আত্মহত্যা কৰিছে ।

অমানৱীয়: মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ বিচাৰিলে চিকিৎসকে

স্বামীৰ গৃহৰ পৰা অহা এই খবৰ পাই নিলীমা বড়োৰ পিতৃ হোমেশ্বৰ বড়ো আত্মীয় সহ উপস্থিত হ'ল ঘটনাস্থলিত। হত্যাৰ সন্দেহ কৰি নিলীমা বড়োৰ পিতৃ হোমেশ্বৰ বড়োৱে ন্যায় বিচাৰি আৰক্ষীৰ ওচৰ চাপিল । কিন্তু, প্ৰাথমিক পৰ্যায়ৰ কাম খিনিতেই লাগিল কেনা । পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা মতে জালাহ আৰক্ষী চকীত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ কৰাৰ বাবে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৰৎ চন্দ্র বড়োক দিবলগীয়া হয় চাৰি হাজাৰ টকা ।

পিছত মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ হেতুকে জিলাৰ সদৰ মুছলপুৰ লৈ নিয়া হ'ল। মৃতদেহ মৰণোত্তৰ পৰীক্ষাও কৰা হ’ল । কিন্তু মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ লক্ষ্মী কান্ত তেৰণে মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্টটোৰ বাবদ বিচাৰিলে বিশ হাজাৰ টকা । নিলীমা বড়োৰ পিতৃ হোমেশ্বৰ বড়োই গৰু বিক্ৰী কৰি কিস্তি হিচাপে ডাক্তৰক বিশ হাজাৰ টকা উৎকোচ দিয়াৰ পাছতো আজিলৈকে লাভ নকৰিলে মৰণোত্তৰ পৰীক্ষাৰ ৰিপ’ৰ্ট। উপায়হীন হৈ সম্প্ৰতি দুখীয়া পৰিয়ালটোৱে অতি সোনকালে ৰিপ’ৰ্ট বিচৰাৰ লগতে ঘটনাৰ উচিত তদন্ত কৰি ন্যায় বিচাৰিছে ৷

লগতে পঢ়ক :জুইত জাহ গ’ল তেজপুৰৰ চ’ক বজাৰ

ABOUT THE AUTHOR

...view details