অসম

assam

ETV Bharat / state

বাক্সাত শ্ৰমদানেৰে নিৰ্মাণ বান্ধ!

বাক্সাৰ জাৰতালুকত পাগলাদিয়া নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰিলে বান্ধ । 1আগষ্টত বাক্সা জিলা উপায়ুক্তৰ তৎপৰতাত জাৰতালুকত নিৰ্মাণ কৰা ২ কৌটিৰ টকীয়া মথাউৰি জাহ গৈছিল পাগলদিয়াৰ বাঢ়নী পানীত ৷ যাৰ বাবে ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰিলে এই বান্ধটো ৷

By

Published : Aug 6, 2020, 11:59 AM IST

baksa_Public make Erosion Protestion
বাক্সাত শ্ৰমদানেৰে নিৰ্মাণ বান্ধ!

বাক্সা,6 আগষ্ট: বাক্সাৰ জাৰতালুকত পাগলাদিয়া নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰিলে বান্ধ । চৰকাৰলৈ অপেক্ষা নকৰি ৰাইজে নিজৰ গাঠিৰ ধন ভাঙি শ্ৰমদান কৰি গৰাহখহনীয়া প্ৰতিৰোধৰ বাবে ৰাইজে নিৰ্মাণ কৰিলে বান্ধ । যোৱা কিছুদিন পূৰ্বে হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পাগলদিয়াৰ বাঢ়নী পানীত ডুব গৈছিল লক ডাউনৰ পূৰ্বে বাক্সা জিলা উপায়ুক্তৰ তৎপৰতাত নিৰ্মাণ কৰা ২ কোটি টকীয়া মথাউৰি । মথাউৰিটো ভাঙি যোৱাৰ ফলত প্লাৱিত হৈছিল অঞ্চলটোৰ কেইবাটাও পৰিয়াল ৷

বাক্সাত শ্ৰমদানেৰে নিৰ্মাণ বান্ধ!

অন্য এক খবৰৰ বাবে:দিল্লীৰ প্ৰখ্যাত লেখিকা সাদিয়া দেহলভীৰ দেহাৱসান

উল্লেখযোগ্য যে,বিগত দুটা বছৰে পাগলাদিয়াৰ খহনীয়াৰ ফলত জাৰতালুক,গোৱালবিল,ভেৰভেৰী,পথাৰ পাৰ,উজিৰ ঘাটকে ধৰি কেবাখনো গাঁও বানত প্লাষ্টিত হৈছিল ৷ গৰাহখহনীয়াৰ বাবে কেইবাটাও পৰিয়ালে নিজৰ ঘৰ এৰি অন্য ঠাইলৈ যাবলৈ বাধ্য হৈছে ৷ ইফালে,কিছুদিন পূৰ্বে জিলা উপায়ুক্তই বান এলেকাসমূহ পৰিদৰ্শন কৰে যদিও বৰ্তমানলৈকে বানাক্ৰান্ত ৰাইজৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। যাৰ বাবে ৰাইজে উপায়ন্তৰ হৈ শ্ৰমদান কৰি গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে দুয়ো কাষে বাহৰ বেৰ আৰু প্লাষ্টিকৰ বস্তাত মাটি ভৰাই নিৰ্মাণ কৰিলে বান্ধ ।

ABOUT THE AUTHOR

...view details