বাক্সা, 2 এপ্ৰিল:" অসমত বিজেপিৰ নেতৃত্বত চৰকাৰ হ'ব লাগিলে ট্ৰেক্টৰৰ প্ৰয়োজন হ’ব । ট্ৰেক্টৰ অবিহনে বিজেপি চৰকাৰ গঠন সম্ভৱ নহয় ৷ বিজেপি চৰকাৰ যদি লাগে তেন্তে টেক্টৰক ভোট দিব লাগিব । দিল্লীত বিজেপি, কোকৰাঝাৰত ইউপিপিএল আৰু বিজেপি থকাৰ পিছত সমগ্ৰ অসমতে বিজেপি, ইউপিপিএলৰ তথা মিত্ৰজোঁটৰ চৰকাৰ হ'ব লাগিব । এতিয়া ট্ৰেক্টৰ মানে পদুম, পদুম মানেই ট্ৰেক্টৰ । বিটিচিৰ পৰা হাগ্ৰামাৰ নাঙল যাব মিউজিয়ামলৈ, ট্ৰেক্টৰ যাব দিছপুৰলৈ" এনেদৰে মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷
হাগ্ৰামাই এতিয়া কেৱল আজমলকহে ভাল পায়: হিমন্ত বিশ্ব শৰ্মা - বাক্সা জিলা বিজেপি
৬২ নং বৰমা সমষ্টিৰ কদমতলত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভূপেন বড়োৰ সমৰ্থনত বিশাল গণ সমাবেশত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ ইউপিপিএল মানে বিজেপি, বিজেপি মানে এজিপি এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷
তেওঁ লগতে কয় যে "অসমত হৈ যোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অধিকাংশ আসনত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব । অসম মিত্ৰজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত হৈছে । অসম আৰু বিটিচিৰ উন্নয়নৰ আৰু সমন্বয়ৰ বাবে মিত্ৰজোঁটৰ চৰকাৰ হ'ব লাগিব । অসমৰ উন্নয়নৰ বাবে মিত্ৰজোঁট চৰকাৰখন হ'ব এখন শক্তিশালী চৰকাৰ ৷ হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি কয় যে, তেওঁ এতিয়া আজমলৰ লগত ইলু ইলু কৰি আছে । হাগ্ৰামাই এতিয়া কেৱল আজমলকহে ভাল পায় বুলিও কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে । বৃহস্পতিবাৰে গণ সমাবেশত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ৰেখা ৰাণী দাস বড়ো, বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহাল ৷
লগতে পঢ়ক:নিৰ্বাচনী কৰ্তব্য সামৰি ষ্ট্ৰং ৰুমলৈ উভটিল বিষয়া-কৰ্মচাৰী