অসম

assam

By

Published : Aug 30, 2020, 6:50 PM IST

ETV Bharat / state

অস্ত্ৰ এৰি প্ৰকৃতি উদ্ধাৰত ব্যস্ত এগৰাকী সংগ্ৰামী

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ দিহিৰা আৰু সূৱণখাটা সংৰক্ষিত বনাঞ্চলত চলি থকা বেদখল আৰু বন ধ্বংস কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে নিজকে নিয়োজিত কৰে বিজয় চৌধুৰীয়ে ৷ মানাহ চৌচি খংখৰ 'ইকো টুৰিজিম চোছাইটি' নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ জন্ম দি চৌধুৰীয়ে সীমান্ত অঞ্চলটোত বিগত সময়ছোৱাত তিনি লক্ষাধিক গছ পুলি ৰোপন কৰি এক সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে ৷

Baksa
Baksa

বাক্সা, 30 আগষ্টঃ মাত্ৰ এগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত ভাৰত-ভূটান সীমান্তত গঢ় লৈ উঠিছে এখন অৰণ্য ৷ সশস্ত্ৰ সংগ্ৰাম ত্যাগ কৰি প্ৰকৃতি উদ্ধাৰত ব্যস্ত হৈ পৰিছে এজন লোক ৷ লোকজন বাক্সাৰ বিজয় চৌধুৰী ৷ বিগত 17 বছৰত তেওঁ ৰোপন কৰিছে 3 লক্ষাধিক গছপুলি ৷

এটা সময়ত বড়ো বিদ্ৰোহী সংগঠন বিএলটিৰ নলবাৰী জিলাৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব পালন কৰিছিল চৌধুৰীয়ে ৷ প্ৰকৃতিৰ প্ৰতি থকা অপৰিসীম ভালপোৱাই বিজয় চৌধুৰীক সশস্ত্ৰ সংগ্ৰামৰ পৰা টানি আনিছিল প্ৰকৃতিৰ মাজলৈ ৷ ২০০৩ চনত বিটিচি চুক্তি স্বাক্ষৰিত হোৱাৰ পাচৰে পৰা বিজয় চৌধুৰীয়ে বন সুৰক্ষা আৰু বন সৌন্দৰ্যবৰ্ধনৰ কামত আত্মনিয়োগ কৰে ৷

লগতে পঢ়কঃবন্ধ হোৱাৰ দিশে অসমৰ একমাত্ৰ তীখা উদ্যোগটো, চাওঁক আমাৰ এই প্ৰতিবেদন

বিশেষকৈ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ দিহিৰা আৰু সূৱণখাটা সংৰক্ষিত বনাঞ্চলত চলি থকা বেদখল আৰু বন ধ্বংস কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে নিজকে নিয়োজিত কৰে বিজয় চৌধুৰীয়ে ৷ মানাহ চৌচি খংখৰ 'ইকো টুৰিজিম চোছাইটি' নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ জন্ম দি চৌধুৰীয়ে সীমান্ত অঞ্চলটোত বিগত সময়ছোৱাত তিনি লক্ষাধিক গছ পুলি ৰোপন কৰি এক সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে ৷

প্ৰকৃতি উদ্ধাৰত ব্যস্ত হৈ পৰিছে এজন লোক

চৌধুৰীৰ ঐকান্তিক প্ৰচেষ্টাত ধ্বংসমুখী বনাঞ্চল দুখনে ঘূৰাই পাইছে পূৰ্বৰ গৰিমা ৷ ভোমোৰা, শিলিখা, গমাৰি, ৰাধাচূড়া, চেগুন আদি গছ ৰোপন কৰি চৌধুৰীয়ে সৃষ্টি কৰিছে সেউজ বিপ্লৱৰ ৷ উল্লেখ্য যে, প্ৰায় 40 গৰাকী সদস্যৰে পৰিপুষ্ট সংগঠনটোৰ লগত অতন্দ্ৰিত প্ৰহৰী হিচাপে নিয়োজিত হৈ নিজকে বন সুৰক্ষাৰ নামত অৰ্পণ কৰিছে বিজয় চৌধুৰীয়ে ৷

লগতে পঢ়কঃকৰ’ণা প্ৰতিৰোধ কৰাত ব্যৰ্থ ভাৰত: ডাঃ নভনীল বৰুৱা

ABOUT THE AUTHOR

...view details