অসম

assam

বাক্সা জিলাৰ চূড়ান্ত ভোটাৰ তালিকা উন্মোচন

By

Published : Jan 18, 2021, 6:30 PM IST

বাক্সা জিলাত উন্মোচন কৰা হয় চূড়ান্ত ভোটাৰ তালিকা ৷ জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 5 লাখ ৷ এইবাৰ চূড়ান্ত ভোটাৰ তালিকাত 48 শতাংশ নতুন ভোটাৰ অন্তৰ্ভুক্ত হয় ৷

বাক্সা জিলাৰ চূড়ান্ত ভোটাৰ তালিকা উন্মোচন
বাক্সা জিলাৰ চূড়ান্ত ভোটাৰ তালিকা উন্মোচন

বাক্সা, 18 জানুৱাৰী : 2021 চনৰ 1 জানুৱাৰীক যোগ্যতা বছৰ হিচাপে লৈ প্ৰস্তুত কৰা চূড়ান্ত ভোটাৰ তালিকাখন সোমবাৰে বাক্সা জিলাতো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ বাক্সা জিলাৰ 58 নং তামুলপুৰ বিধান সভা সমষ্টি, 62 নং বৰমা বিধানসভা সমষ্টি আৰু 63 নং ছাপাগুৰি বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাখন বাক্সা জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই উন্মোচন কৰে ৷

বাক্সা জিলাৰ চূড়ান্ত ভোটাৰ তালিকা উন্মোচন

জিলাখনৰ তিনিটা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 5 লাখ ৷ এইবাৰ চূড়ান্ত ভোটাৰ তালিকাত 48 শতাংশ নতুন ভোটাৰ অন্তৰ্ভূক্ত হয় ৷ আজিৰ চূড়ান্ত ভোটাৰ তালিকা উন্মোচনী সভাত জিলা নিৰ্বাচনী বিষয়া মানবেন্দ্ৰ ভৰালী, অতিৰিক্ত উপায়ুক্ত সাধন চৰকাৰ, তামুলপুৰ, বৰমা আৰু বাক্সা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকলৰ লগতে তিনিটা বিধানসভা সমষ্টিৰ নিৰ্বাচন পঞ্জীয়কসকল উপস্থিত থাকে ৷

লগতে পঢ়ক :নগাঁও আৰক্ষীৰ জালত চাৰিজনকৈ ভুৱা স্বাস্থ্য বিষয়াবিষয়া

ABOUT THE AUTHOR

...view details