বাক্সা, 21 মাৰ্চঃসমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ ক্ষেত্ৰত বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 22 মাৰ্চত আহ্বান জনাইছে ‘জনতা কাৰ্ফিউ’ ৷ সকলো লোককে 22 মাৰ্চৰ ‘জনতা কাৰ্ফিউ’ মানি চলাৰ বাবে আহ্বান বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাৰ ৷ বাক্সা জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত সাংবাদিকৰে হোৱা বৈঠকত বিটিচি নিৰ্বাচন আৰু কৰ'ণা ভাইৰাছৰ সন্দৰ্ভত মন্তব্য কৰে উপায়ুক্তগৰাকীয়ে ৷
বিটিচি নিৰ্বাচন আৰু কৰ'ণা ভাইৰাছ সন্দৰ্ভত বৈঠক বাক্সা জিলা উপায়ুক্তৰ
সকলো লোককে 22 মাৰ্চৰ ‘জনতা কাৰ্ফিউ’ মানি চলাৰ বাবে আহ্বান বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাৰ ৷ বাক্সা জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত সাংবাদিকৰে হোৱা বৈঠকত বিটিচি নিৰ্বাচন আৰু কৰ'ণা ভাইৰাছৰ সন্দৰ্ভত মন্তব্য কৰে উপায়ুক্তগৰাকীয়ে ৷
বিটিচি নিৰ্বাচন আৰু ক’ৰনা ভাইৰাছৰ সন্দৰ্ভত বৈঠক বাক্সা জিলা উপায়ুক্তৰ
উক্ত বৈঠকতে উপায়ুক্ত ৰঞ্জন শৰ্মাই চাহ বাগান অঞ্চলসমূহত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহন কৰাৰ কথাও ব্যক্ত কৰে ৷ সমান্তৰলাকৈ বিটিচি পৰিষদীয় নিৰ্বাচন সাময়িকভাৱে স্থগিত ৰখাৰ বাবেও ৰাজ্যিক নিৰ্বাচনী আয়োগকো ধন্যবাদ জ্ঞাপন কৰে জিলা উপায়ুক্তগৰাকীয়ে ৷
লগতে পঢ়ক-Covid- 19 ৰ দ্বিতীয় পৰ্যায়ত উপস্থিত ভাৰত