অসম

assam

ETV Bharat / state

বাক্সাত গ্ৰাহক সেৱা কেন্দ্ৰত অসুবিধাৰ সন্মুখীন গ্ৰাহক - baksa

বৰ্তমান সময়ত দেশৰ সকলোবোৰ আগশাৰীৰ বেংকে গ্ৰাহক সেৱা কেন্দ্ৰৰ জৰিয়তে সেৱা আগবঢ়াই আছে । কিন্তু এই গ্ৰাহক সেৱা কেন্দ্ৰসমূহত গ্ৰাহকসকল সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ ৷ বাক্সাৰ একাংশ নিৰক্ষৰ লোকে গ্ৰাহক সেৱা কেন্দ্ৰসমূহত একাউণ্ট খুলি নিজৰ সাচতীয়া ধন উলিয়াব নোৱাৰি বিমুখ হৈ ঘৰমুৱা হ'বলগীয়া হৈছে ।

বাক্সাত গ্ৰাহক সেৱা কেন্দ্ৰতে অসুবিধাৰ সন্মুখীন গ্ৰাহক

By

Published : Aug 3, 2019, 2:34 PM IST

বাক্সা,3আগষ্টঃ আপোনাৰ বাৰু গ্ৰাহক সেৱা কেন্দ্ৰত একাউন্ট আছে নেকি ? যদি আছে তেন্তে আপুনি সাৱধান! গ্ৰাহক সেৱা কেন্দ্ৰসমূহক 'বায়ো মেট্ৰিক পদ্ধতি'ৰে গ্ৰাহক সকলৰ তিনিটা আঙুলিৰ চাপেৰে একাউণ্টসমূহ সুৰক্ষিত কৰা হৈছে ৷ যদি আপোনাৰ আঙুলিৰ কিবা বিজুতি ঘটে তেন্তে নিজৰ একাউণ্টৰ লেনদেন কৰিব নোৱাৰিব আপুনি । যাৰ ফলত আন বহু গ্ৰাহকৰ দৰে আপুনিও বিমুখ হৈ ঘৰলৈ উভতি যাবলগীয়া সম্ভাৱনাই বেছি ৷ তাৰ পৰিণতিত কেতিয়াও নাপাব পাৰে আপোনাৰ সাচতীয়া ধন । ঠিক এনে এক ঘটনা সংঘটিত হৈছে বাক্সাত ৷ বাক্সাৰ একাংশ নিৰক্ষৰ লোকে গ্ৰাহক সেৱা কেন্দ্ৰসমূহত আঙুলিৰ ছাপ দিএকাউণ্ট খুলি নিজৰ সাচতীয়া ধন উলিয়াব নোৱাৰি বিমুখ হৈ ঘৰমুৱা হ'বলগীয়া হৈছে ।

বাক্সাত গ্ৰাহক সেৱা কেন্দ্ৰতে অসুবিধাৰ সন্মুখীন গ্ৰাহক

পিচে গ্ৰামাঞ্চলৰ এই সকল গ্ৰাহকৰ বাবে 'বায়ো মেট্ৰিক পদ্ধতি' অবিহনে অন্য উপায়েৰে টকা উলিয়াব পৰা ব্যৱস্থা নকৰিলে নিজৰ সাঁচতীয়া ধন কেনেদৰে উলিয়াব পাৰিব সেয়া এতিয়াও অনিশ্চয়তাত ৷

ABOUT THE AUTHOR

...view details