অসম

assam

By

Published : Jul 1, 2019, 10:18 AM IST

ETV Bharat / state

তামুলপুৰৰ গোৰেশ্বৰত হজ যাত্ৰীক সম্বৰ্ধনা

দেওবাৰে অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাখনত বিটিএডিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ লগতে বি পি এফ,বিজেপিৰ কেবাগৰাকী নেতা উপস্থিত থাকি হজ যাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰে ৷

তামুলপুৰৰ গোৰেশ্বৰত হজ যাত্ৰীক সম্বৰ্ধনা

তামুলপুৰ,০১ জুলাই :তামুলপুৰৰ গোৰেশ্বৰত দেওচুঙা অম্বৰীশ নগৰ চকৰ সভাগৃহত দেওবাৰে তিনিজন হজ যাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। দেওচুঙা অম্বৰীশ নগৰ অঞ্চলৰ পৰা আগন্তুক ৪ জুলাই তাৰিখে তিনিগৰাকী লোক ক্ৰমে নজিম আলী খান,আজগৰ আলী আৰু জোলেমা বেগমে আৰবলৈ হজ যাত্ৰা কৰিব ।

তামুলপুৰৰ গোৰেশ্বৰত হজ যাত্ৰীক সম্বৰ্ধনা

প্ৰায় পাঁচশতাধিক লোকৰ উপস্থিতিত স্থানীয় ৰাইজ,বি টি এডিৰ পৰিষদীয় সমষ্টিৰ সদস্য গণেশ কছাৰীৰ লগতে দল সংগঠনে হজযাত্ৰী কেইগৰাকীক উষ্ম অভিনন্দন জনায়। ২০০৮ চনৰ পৰা বহুদিনৰ বিৰতিৰ মূৰত এই বৰ্ষত অঞ্চলটোৰ পৰা হজ যাত্ৰী ওলাই অঞ্চলটোৰ ৰাইজক আনন্দিত কৰি তুলিছে । সভাখনত মৌলানা নজৰুল হক উপস্থিত থাকি ইছলাম ধৰ্মৰ লগতে হজৰ বিষয়ে বক্তব্য ৰাখে। দেওবাৰে অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা সভা খনত বি টি এডিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ লগতে বি পি এফ, বিজেপিৰ কেবাগৰাকী নেতা উপস্থিত থাকি হজ যাত্ৰী কেইগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে ৷

ABOUT THE AUTHOR

...view details