অসম

assam

ETV Bharat / state

সৰ্বভাৰতীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমৰ নৃত্যশিল্পী - ৰাষ্ট্ৰীয় স্তৰত তৃতীয় স্থান অধিকাৰ ৰাজকমল ডেকাৰ

পুনৰ সৰ্বভাৰতীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত উজ্বলি উঠিল অসমৰ এগৰাকী শিশুশিল্পী ৷  উৰিষ্যাত অনুষ্ঠিত ২৩ সংখ্যক সৰ্বভাৰতীয় মাল্টি-লেংগুৱেল শিশু, যুৱ আৰু মহিলা নৃত্য আৰু গীত প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি বাক্সাৰ ৰাজকমল ডেকাই ৰাষ্ট্ৰীয় স্তৰত তৃতীয় স্থান অধিকাৰ কৰি সমগ্ৰ ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

ASSAMESE BOY GOT THIRD POSITION AT URISSA DANCE COMPETITION
পুনৰ উজলিল অসমৰ নৃত্যশিল্পী

By

Published : Feb 5, 2020, 4:31 PM IST

বাক্সা, 5 ফেব্ৰুৱাৰীঃৰাজ্যখনৰ এজনৰ পিছত আনজন নৃত্যশিল্পী সৰ্বভাৰতীয় পৰ্যায়ত উজ্বলি উঠিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ স্ব-প্ৰতিভাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিল বাক্সাৰ ৰাজকমল ডেকা ৷ ইতিমধ্যে অসমৰ চুকে কোণে সিঁচৰিত হৈ থকা বহু প্ৰতিভা নৃত্য আৰু গীতৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় স্তৰত উজ্বলি উঠিছে ৷ যোৱা ২০-৩১ জানুৱাৰীত উৰিষ্যাত অনুষ্ঠিত ২৩ সংখ্যক সৰ্বভাৰতীয় মাল্টি - লেংগুৱেল শিশু , যুৱ আৰু মহিলা নৃত্য আৰু গীত প্ৰতিযোগিতা -২০২০ত নৃত্য শাখাত অসমক প্ৰতিনিধিত্ব কৰি বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঙালীপাৰাৰ ৰাজকমল ডেকা নামৰ শিশু শিল্পী গৰাকীয়ে ৰাষ্ট্ৰীয় স্তৰত তৃতীয় স্থান অধিকাৰ কৰি সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷

পিতৃ মাতৃৰ সৈতে ৰাজকমল ডেকা
সৰ্বভাৰতীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমৰ নৃত্যশিল্পী

সাধাৰণ এখন পাণ-তামোলৰ দোকান দি কোনোমতে পৰিয়াল পোহপাল দিয়া বাঙালীপাৰাৰ প্ৰহ্লাদ ডেকা আৰু মামনি ডেকাৰ একমাত্ৰ পুত্ৰ তথা ডেফোদিলচ ইংলিছ স্কুল, উপৰখুটিৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ৰাজকমলে চাৰি বছৰ বয়সৰ পৰাই নৃত্য চৰ্চা কৰি অহাৰ লগতে ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন মঞ্চত নৃত্য পৰিৱেশন কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ বাক্সা জিলাৰ ভূটান সীমান্তৰ অতিকে ভিতৰুৱা বাঙালীপাৰাৰ পৰা নিজৰ নৃত্য প্ৰতিভাৰে ৰাষ্ট্ৰীয় স্তৰত উজ্বলিবলৈ সক্ষম হোৱা ৰাজকমলক লৈ এতিয়া উৎফুল্লিত স্থানীয় দল সংগঠন আৰু গাঁওবাসী ৷বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু ৰাইজে ফুলাম গামোচাৰে আদৰণি জনাইছে শিশু শিল্পী ৰাজকমলক ৷ গোৰেশ্বৰৰ নিউ ষ্টাৰ ডান্স একাডেমীৰ সৌৰভ দাসৰ তত্বাৱধানত নৃত্য শিক্ষা লাভ কৰা এইগৰাকী দৰিদ্ৰ প্ৰতিভাৱান নৃত্য শিল্পীৰ ওপৰত কেতিয়াবা চকু পৰিবনে অসম তথা বিটিচিৰ সাংস্কৃতিক বিভাগৰ নে চৰকাৰী সদিচ্ছাৰ অভাৱত দৰিদ্ৰতাৰ বাবেই এনে প্ৰতিভা সমূহ এদিন লুপ্ত হৈ যাব ৷ ৰাইজৰ দাবী ৰাজকমলৰ দৰে ভিতৰুৱা অঞ্চলৰ প্ৰতিভা সমূহক চৰকাৰে যথোচিত গুৰুত্ব প্ৰদান কৰক ৷ ইফালে ৰাজকমলৰ পিতৃয়েও অসম চৰকাৰক শিশুটিৰ নৃত্যত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে ৷
লগতে পঢ়কঃজুবিন গাৰ্গে দিয়া গৰিমা গাৰ্গৰ আটাইতকৈ ভাললগা উপহাৰটো কি?

ABOUT THE AUTHOR

...view details