বাক্সা, ১ জুনঃ গোৰেশ্বৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ১৫০নং ৰামপুৰ প্ৰথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ডিম্বেশ্বৰ দাসৰ বিৰুদ্ধে সহকাৰী শিক্ষক আৰু স্থানীয় ৰাইজে বিদ্যালয়ৰ উন্নয়নৰ ধন আত্মসাত কৰা বুলি অভিযোগ স্থানীয় ৰাইজৰ । তাৰোপৰি প্ৰধান শিক্ষক ডিম্বেশ্বৰ দাসে স্কুলত নিয়মীয়াভাৱে উপস্থিত নাথাকিও ৰেজিষ্ট্ৰাৰ বহীত মাহত এদিন আহিয়ে আটাইকেইদিনৰ চহী মাৰি থোৱা বুলি অভিযোগ উঠিছে । আনকি বিদ্যালয়ৰ শৌচালয়ৰ নামত আহা চৰকাৰী ধন, ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ ধনৰ লগতে মধ্যাহ্ন বোজনৰ ক্ষেত্ৰতো কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উঠিছে । ৰাইজে এই সম্পৰ্কে বহুবাৰ শিক্ষকগৰাকীৰ লগত আলোচনা কৰে যদিও শিক্ষক গৰাকীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ।
গোৰেশ্বৰত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ধন লুণ্ঠনৰ অভিযোগ - fund
বিদ্যালয়ৰ শৌচালয়ৰ নামত আহা চৰকাৰী ধন, ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ ধনৰ লগতে মধ্যাহ্ন বোজনৰ ক্ষেত্ৰতো কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উঠিছে । ৰাইজে এই সম্পৰ্কে বহুবাৰ শিক্ষকগৰাকীৰ লগত আলোচনা কৰে যদিও শিক্ষক গৰাকীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ ৰাইজৰ ।
গোৰেশ্বৰ শিক্ষা খণ্ডৰ বিষয়াক এই সম্পৰ্কে অৱগত কৰিছিল যদিও ৰহস্যজনকভাৱে শিক্ষা বিষয়াগৰাকীয়েও মৌনতা অৱলম্বন কৰিছে । উপায়হীন হৈ ৰাইজে গোৰেশ্বৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহায়ত শুকুৰবাৰে বিদ্যালয়ত এখন সভা পাতে । সভাত শিক্ষক ডিম্বেশ্বৰ দাস উপস্থিত থাকি বিদ্যালয়ৰ ধন তেওঁ নিজৰ কামত খৰচ কৰা বুলি স্বীকাৰ কৰে আৰু শনিবাৰে ১২বজাৰ ভিতৰত বিদ্যালয়ৰ ধন আৰু হিচাপ-পত্ৰ পৰিচালনা সমিতিক গতাই দি পৰিচালনা সমিতিৰ সম্পাদকৰ দায়িত্ব এৰিব বুলি জনায় যদিও বৰ্তমানলৈকে স্কুলত উপস্থিত নোহোৱাত ক্ষুব্ধ হৈ পৰিছে ৰাইজ ।
লগতে আন এটা বাতৰি- দৰঙত বিদ্যালয়ৰ খেলপথাৰ মেৰামতিৰ নামত ধন লুন্ঠণৰ অভিযোগ!!