বাক্সা, 27 ডিচেম্বৰ: দেওবাৰে বাক্সা জিলাৰ অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয় আৰু বাক্সা জিলা সাহিত্য সভাৰ উদ্যোগত, বি.বি কিষাণ মহাবিদ্যালয় আৰু জালাহ শাখা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ ১০৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উযাপন কৰা হয় ৷ দিৱৰ 11 বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কুলধৰ শইকীয়াই ৷ সভাপতি গৰাকীয়ে কয়, অসমৰ সকলোৱে অসমীয়া হিচাপে গৌৰৱবোধ কৰিব পাৰিব লাগিব ৷ আমি আমাৰ মাতৃভাষাক সন্মান কৰিব জানিব লাগিব ৷ অসম সাহিত্য সভাই অসমৰ সকলো জনগোষ্ঠীৰ ভাষা সংস্কৃতিক মান্যতা দি আহিছে আৰু সময়ে সময়ে সভা সমিতিৰ যোগেদি কবিতা, গল্প প্ৰতিযোগিতা পাতি আহিছে ৷ সভাপতি গৰাকীয়ে নৱ প্ৰজন্মক অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভুমিকা পালন কৰিবলৈও আহ্বান জনায় ৷
আমি আমাৰ মাতৃভাষাক সন্মান কৰিব জানিব লাগিব: কুলধৰ শইকীয়া
দেওবাৰে বি.বি কিষাণ মহাবিদ্যালয় আৰু জালাহ শাখা সাহিত্য সভাৰ সহযোগত, অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয় আৰু বাক্সা জিলা সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ ১০৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উযাপন কৰা হয় ৷
CAA আন্দোলনৰ বিষয়েও মন্তব্য কৰি সভাপতিগৰাকীয়ে কয় যে, তেওঁ অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে সদায় বিৰোধ কৰি যাব ৷ এই ক্ষেত্ৰত তেওঁৰ পুৰ্বৰ স্থিতি বৰ্তমানেও বাহাল আছে ৷ দেওবাৰে অনুষ্ঠিত সভাত স্মৃতিগ্ৰন্থ "স্ৰোতস্বিনী কালদিয়া" উন্মোচন কৰে ৷ সভাত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, উপ-সভাপতি মৃণালিনী দেৱী, প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, জালাহ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক দামোদৰ তালুকদাৰ, বাক্সা জিলা সাহিত্য সভাৰ সভাপতি মাধৱচন্দ্ৰ কলিতা, উপ-সভাপতি যামিনী দাস তালুকদাৰ, সম্পাদক কামদেৱ দাস, কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড৹ ধ্ৰুৱজ্যোতি দাস, উত্তৰ-পূৰ্বাঞ্চল আকাশবাণী দূৰদৰ্শনৰ প্ৰাক্তন অতিৰিক্ত সঞ্চালক প্ৰধান দেবেন্দ্ৰনাথ বসুমতাৰী, বাক্সাৰ বি.বি কিষাণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কেশৱ বসুমতাৰীকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক:দীৰ্ঘ দিনীয়া সপোন পূৰণ হ'ল গৌৰীপুৰবাসীৰ