বাক্সা, 8 মে': ভৰা নৈত মৰণকে শৰণ দি বিপদ সংকুল যাত্ৰা বাক্সাৰ লাচিৰ ৰাইজৰ ৷ গোৰেশ্বৰ সংযোগী পথৰ বৰলীয়া নৈত কলৰ ভোৰৰে লাচিৰ ৰাইজে কৰি আহিছে বিপদ সংকুল যাত্ৰা ৷ ১৯৮৬ চনতে তামুলপুৰ গোৰেশ্বৰ সংযোগী পথৰ দ্বাৰকুছীৰ লাচিৰ বৰলীয়া নৈৰ ওপৰত থকা
কাঠৰ দলং ভাঙি যোৱাৰ ফলত দলং খনে জীয়াটো ভুগাইছে অঞ্চলতোৰ ৰাইজক । যাৰ পৰিণতিত বিগত বহু বছৰ ধৰি বাৰিষা যোৱাৰ পাচত স্থানীয় লোকে বাহৰ দলং নিৰ্মাণ কৰি যাতায়ত কৰি আহিছে । কিন্তু বিগত এসপ্তাহ ধৰি নেৰা-নেপেৰা বৰষুণে দলংখন উতুৱাই নিয়াৰ বাবে এতিয়া ৰাইজৰ একমাত্ৰ ভৰসা স্থল কলৰ ভোৰ আৰু এডাল ৰছী ৷ ছাত্ৰ-ছাত্ৰীকে ধৰি ডেকা বুঢ়া সকলোৱে কলৰ ভোৰৰে নদীৰ ইটো পাৰৰ পৰা সিটোপাৰলৈ যাতায়ত কৰি আহিছে কলৰ ভোৰৰে ।
বাক্সাত কলৰ ভোৰ আৰু ৰচীৰে বিপদ সংকুল যাত্ৰা - অসম নিউজ
ভৰা নৈত মৰণকে শৰণ দি বিপদ সংকুল যাত্ৰা বাক্সাৰ লাচিৰ অঞ্চলবাসীৰ ৷ দলঙৰ অভাৱত বিগত বহু বছৰ ধৰি বিপদ সংকুল যাত্ৰা অঞ্চলবাসীৰ ৷
বাক্সাত কলৰ ভোৰ আৰু ৰচীৰে বিপদ সংকুল যাত্ৰা
আনহাতে, বিটিচিৰ আৰু কামৰূপৰ সীমান্তৰ ৰঙিয়া বিধান সভা সমষ্টিৰ আৰু বিটিচিৰ গৈয়বাৰী পৰিষদীয় সমষ্টিত পৰে বাবে ৰাইজে কোন বিধায়কৰ সৈতে দলঙখন সন্দৰ্ভত যোগাযোগ কৰিব তাৰ বাবে অনিচ্ছয়তাত স্থানীয় ৰাইজ ৷