বাক্সা, ২৫ জানুৱাৰী : বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে সোমবাৰে বাক্সা জিলাৰ মুছলপুৰত জিলা প্ৰশাসনৰ উদ্যোগত এক সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ এই সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷
ইফালে এক সাংস্কৃতিক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত মন্তব্য কৰে যে, বিটিআৰত থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ সাংস্কৃতিৰ বিকাশত গুৰুত্ব প্ৰদান কৰা হ'ব ৷ গাঁৱে ভূঞে থকা জনগোষ্ঠীয় সাংস্কৃতিক দল সমূহক উলিয়াই আনিবলৈ বিটিচি প্ৰশাসনে কাৰ্যপন্থা গ্ৰহণ কৰিব ৷ বিটিআৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই বিটিআৰ চুক্তি ৰূপায়ন কৰা হ'ব ৷