বাক্সা, 19 জুলাই: গোৰেশ্বৰৰ ভাৰত ভূটান সীমান্তৰ পৰ্যটনস্থলী বগামাটিত আৰক্ষীৰ অভিযানত মাটিত পুতি থোৱা অৱস্থা উদ্ধাৰ কেইবাটাও মাৰণাস্ত্ৰ ৷ গোপন সুত্ৰৰ পম খেদি শনিবাৰে আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ হয় 2 টা AK ৰাইফল, 2টা পিষ্টল সহ বহু পৰিমাণৰ বিস্ফোৰক সামগ্ৰী ৷ উক্ত সামগ্ৰী সমূহ বগামাটি অঞ্চলত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে, গোৰেশ্বৰ আৰক্ষী থানা আৰু শুৱাগপুৰ আৰক্ষী চকীৰ সহায়ত বাক্সা জিলা উপ আৰক্ষী অধীক্ষকে চলাইছিল এই অভিযান ৷
বাক্সা আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰৰ সহ সক্ৰিয় গুলী উদ্ধাৰ - বাক্সাৰ ছিমলাতো এটা AK ৰাইফল আৰু কেইবাজাই সক্ৰিয় গুলি উদ্ধাৰ
গোৰেশ্বৰ আৰক্ষী থানা আৰু শুৱাগপুৰ আৰক্ষী চকীৰ সহায়ত বাক্সা জিলা উপ আৰক্ষী অধীক্ষকে চলাইছিল এই অভিযান ৷
বাক্সা আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰৰ সহ সক্ৰিয় গুলি উদ্ধাৰ
আনপিনে বাক্সাৰ ছিমলাতো এটা AK ৰাইফল আৰু কেইবাজাই সক্ৰিয় গুলী উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ বৰ্তমান পৰ্যন্ত মাৰণাস্ত্ৰ সমূহ কোন সংগঠনৰ আছিল সেয়া জানিব পৰা হোৱা নাই বুলি জনাইছে আৰক্ষীয়ে ৷
লগতে পঢ়কঃ সাংবাদিক ৰাজীৱ শৰ্মাৰ অন্তৱৰ্তীকালীন জামিন ২২ জুলাই লৈ বৃদ্ধি