অসম

assam

ETV Bharat / state

COVID-19: লক ডাউনৰ তৃতীয় দিনটোত ৰাজ্যজুৰি ক'ত কি ঘটিল - tingkhang

GOLAGHAT LOCK DOWN

COVID-19
COVID-19: লক ডাউনৰ তৃতীয় দিনটোত ৰাজ্যজুৰি ক'ত কি ঘটিল

By

Published : Mar 27, 2020, 4:52 PM IST

Updated : Mar 27, 2020, 11:51 PM IST

23:37 March 27

বাক্সাৰ কুমাৰীকাটাত বহ্নিমান নামৰ সংস্থাতৰ উদ্যোগত পদপথত বাস কৰা মানসিক ৰোগীক পানী আৰু খাদ্য যোগান ৷

বাক্সাত লক ডাউনৰ মিশ্ৰিত প্ৰভাৱ

বাক্সা, 27 মাৰ্চঃ দেশজুৰি লক ডাউনৰ সময়ছোৱাত ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ কুমাৰীকাটাত দেখিবলৈ পোৱা গৈছে  বিপৰীত ছবি । কৰবাত যদি গেলামালৰ দোকানত লাইন লগা পৰিলক্ষিত হৈছে আন কৰোবাত গাঁৱৰ সংযোগ পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে । জিলা খনৰ ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটা আৰক্ষী চকী আৰু স্থানীয় বহ্নিমান নামৰ সংস্থাটোৰ তিনি গৰাকী যুৱকৰ পদক্ষেপত অঞ্চলটোৰ বজাৰৰ পদপথত বাস কৰা মানসিক ৰোগী সকলক পানী আৰু খাদ্য যোগান ধৰে ।

আৰু পঢ়কঃ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অনুদান বিধায়ক সুৰেণ ফুকন,তেৰছ গোৱালা আৰু মন্ত্ৰী সঞ্জয় কিষানৰ

23:04 March 27

বাক্সাত স্তব্ধ জন জীৱন ৷ বৰমা,মুছলপুৰত চেনিটাইজ ।

বাক্সাত স্তব্ধ জন জীৱন

বাক্সা, 27 মাৰ্চঃকৰ'ণা ভাইৰাছক লৈ সমগ্ৰ দেশতে লক ডাউন চলি থকাসময়তেই বাক্সা জিলাৰ বৰমাতো লক ডাউনৰ ফলত স্তব্ধ জনজীৱন । সদাব্যস্ত বৰমাত,মুছলপুৰত এতিয়া জন শূন্য পৰিৱেশ । আনহাতে,অগ্নি নিৰ্বাপক বাহিনী আৰু দুৰ্যোগ প্ৰশমণ বিভাগে বৰমা,মুছলপুৰ,ডুমুণী চাহ বাগিচা,নিকাচীৰ বিভিন্ন ব্যৱসায় বানিজ্যৰ স্থান, চৰকাৰী কাৰ্যালয়, আদি স্থানসমূহত বীজাণুমুক্ত কৰাৰ প্ৰচেষ্টা কৰে ৷ 

আৰু পঢ়কঃ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অনুদান বিধায়ক সুৰেণ ফুকন,তেৰছ গোৱালা আৰু মন্ত্ৰী সঞ্জয় কিষানৰ

22:22 March 27

নগাঁও চহৰৰ মাজমজিয়াৰ ঢাকাইপট্টি বৰবজাৰত লক ডাউনৰ তৃতীয় দিনা দেখা গল ক্ৰেতা বিক্ৰেতাৰ ভিৰ

নগাঁও,27 মাৰ্চঃনগাঁৱত লক ডাউন উলংঘা কৰি বজাৰত ভিৰ গ্ৰাহকৰ। নগাঁও চহৰৰ মাজমজিয়াৰ ঢাকাইপট্টি বৰবজাৰত লক ডাউনৰ তৃতীয় দিনা দেখা গ'ল ক্ৰেতা বিক্ৰেতাৰ ভিৰ । সামাজিক দুৰত্ব বজাই ৰাখিবলৈ বাৰম্বাৰ আহ্বান জনোৱা স্বত্বেও যেন কোনো গুৰুত্ব দিয়া নাই একাংশই। প্ৰশাসনৰ নিয়ম উলংঘা কৰি শুকুৰবাৰে বৰবজাৰত একাংশই দোকান খুলিছিল যদিও নগাঁও আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ বহু দোকান বন্ধ কৰাৰ লগতে অযথা ভিৰ কৰা বহু লোকক ঘৰলৈ উভতাই পঠিয়াই । 

আৰু পঢ়কঃ লক ডাউনৰ তৃতীয়টো দিন, কি পৰিৱেশ অসমত ?

22:20 March 27

কামৰূপ, 27 মাৰ্চঃ আমিনগাঁৱত লক ডাউনৰ পূৰ্ণ সুযোগ ল'লে বেপাৰীসকলে৷ আনহাতে লক ডাউন ভংগ কৰি দৈনন্দিন জীৱন যাপন কৰাৰ দৰে বজাৰলৈ সামগ্ৰী ক্ৰয় কৰিবলৈ অহাৰ অভিযোগ আমিনগাঁওবাসীৰ বিৰুদ্ধে । আমিনগাঁৱৰ ৰাজপথত স্বাভাৱিক ভাবে অহা যোৱা কৰিছে জনসাধাৰণে ।  

22:07 March 27

বটদ্ৰৱাত লক ডাউন অমান্য কৰি ৰাজপথত ঘূৰি ফুৰা সকলৰ ওপৰত লাঠি চালনা জাজৰি আৰক্ষীৰ ।

বটদ্ৰৱা, 27 মাৰ্চঃ বটদ্ৰৱাত লক ডাউনক ভেঙুচালি কৰি ৰাজপথত আড্ডা মাৰি থকা লোকক লাঠি চার্জ কৰে আৰক্ষীয়ে ৷ জাজৰি আৰক্ষীয়ে হাতীচোং,ৰাইদঙ্গীয়া,বগৰিগুৰি, আদৰ্শগাওঁ আৰু ভোমোৰাগুৰি আদি অঞ্চল তহল দি লক ডাউন অমান্য কৰা সকলৰ ওপৰত লাঠি চার্জ কৰে। ইফালে বটদ্ৰবাৰ হাইডুবিত ঘৰৰ পদুলিয়ে পদুলিয়ে শাক পাচলিৰ দোকানত ভিৰ পৰিলক্ষিত হয় ৷  

আৰু পঢ়কঃ ETV facebook ETV ETV  লক ডাউনৰ তৃতীয়টো দিন, কি পৰিৱেশ অসমত ?

21:37 March 27

অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টা ৷ বীজাণু মুক্ত কৰা চেষ্টা কলগাছিয়া

জনীয়া, মাৰ্চঃ বীজাণু মুক্ত কৰাৰ বাবে কলগাছিয়া আৰক্ষী আৰু কলগাছিয়া অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টা । কলগাছিয়া আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ ছেনিটাইজ কৰিছে কলগাছিয়াৰ বিভিন্ন প্ৰান্তত । কলগাছিয়াৰ মাছ-মাংসৰ বজাৰ আৰু ৰাজপথত এনেদৰে বীজাণু মুক্ত কৰাৰ চেষ্টা কৰিছে কলগাছিয়াৰ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে।

21:22 March 27

COVID-19: ৰাজহুৱা পূজা, নামাজ বৰ্জনৰ সিদ্ধান্তক আদৰণি জনাই ধুবুৰীবাসীয়ে

পূৱ বিলাসীপাৰা,২৭ মাৰ্চঃ COVID-19 ক লৈ শংকিত সমগ্ৰ বিশ্ব। মহামাৰী কৰ'ণাক প্ৰতিৰোধৰ বাবে চৰকাৰে আহ্বান জনোৱা ৰাজহুৱা পূজা,নামাজ বৰ্জনৰ সিদ্ধান্তক আদৰণি জনাই ধুবুৰীবাসীয়ে । জিলাখনৰ চাপৰ ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চলৰ মছজিদত ৰাজহুৱাভাৱে বৰ্জন কৰে পবিত্ৰ জুম্মাৰ নামাজ৷ মছজিদ সমূহত ২-৩ জনকৈ মোক্তাদিয়ে শুকুৰবাৰৰ পৰা জুম্মাৰ নামাজ আদায় কৰি নিজৰ দায়িত্ব বোধৰ পৰিচয় দিলে ইছলাম ধৰ্মালম্বী লোকসকলে। ইপিনে,সমগ্ৰ বিশ্ব যাতে এই মহামাৰী কৰ'ণাৰ পৰা ৰক্ষা পৰে তাৰ বাবে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে  ধুবুৰীবাসীয়ে ।

আৰু পঢ়কঃ হাইলাকান্দিত জিলা প্ৰশাসনৰ উল্লেখনীয় পদক্ষেপ

20:45 March 27

তিতাবৰৰ কৰ'ণাৰ সন্দেহত চিকিৎসাধীন হৈ ৰোগী পলায়ন ৷ পলায়ন কৰা ৰোগীজনক আটক কৰি স্বাস্থ্য বিভাগক গতাই দিয়ে স্থানীয় ৰাইজে ৷

তিতাবৰত কৰ'ণাতংক

যোৰহাট, 27 মাৰ্চঃ তিতাবৰৰ উজনি ন নৈ ছাওদাং গাঁৱত আতংক ৷ যোৰহাট মেডিকেল কলেজ হাস্পতালত কৰ'ণাৰ সন্দেহত চিকিৎসাধীন হৈ থকা ৰোগী পলায়ন কৰে ৷ পলায়ন কৰা ৰোগী ন নৈ ছাওদাং গাঁৱৰ ৰাইজে আটক কৰি গতাই দিলে স্বাস্থ্য বিভাগক ৷ লোকজন উত্তৰ প্ৰদেশৰ নিতিশ কুমাৰ বুলি জানিব পৰা জানিবলৈ দিয়ে স্থানীয় লোকে ৷ যুৱকজন বৰ্তমানেও আক্ৰান্ত হৈ আছে জ্বৰত।

20:28 March 27

মৰিগাঁৱতো লক ডাউনৰ ব্যাপক প্ৰভাৱ । স্তব্ধ জনজীৱন ৷

মৰিগাঁৱত স্তব্ধ জনজীৱন

মৰিগাঁও,27 মাৰ্চঃমৰিগাঁৱতো লক ডাউনৰ ব্যাপক প্ৰভাৱ । গেলামাল আৰু ফাৰ্মাচীৰ বাহিৰে সকলো বন্ধ মৰিগাঁৱত। স্তব্ধ জনজীৱ । কিন্তু লক ডাউনৰ বাবে অভাৱ খাদ্য সামগ্ৰীৰ । সেয়ে মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও পৌৰসভাই মৰিগাঁও বিহুতলীত কেইঘণ্টামানৰ বাবে কেচা শাকপাচলিৰ দোকান মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে । 

আৰু পঢ়কঃ হাইলাকান্দিত জিলা প্ৰশাসনৰ উল্লেখনীয় পদক্ষেপ

20:07 March 27

ধেমাজিত গাড়ী,বাইক চলাই লক ডাউনক ভেঙুচালি সাধাৰণ জনতাৰ

ধেমাজিত লক ডাউনকলৈ ভেঙুচালি

ধেমাজি,27 মাৰ্চঃ শুকুৰবাৰে তৃতীয় দিনত উপনীত হৈছে লক ডাউন ‌। কিন্তু একাংশ লোকে এই সময়ছোৱাত নীতি-নিয়মক ভেঙুচালি কৰি আৰক্ষীৰ বাধাকো আওকাণ কৰি চাৰি চকীয়া আৰু দুচকীয়া বাহন লৈ ওলাই আহিছে । কোনোৱে যদি ঘৰৰ সাধাৰণ কামৰ অজুহাত দেখুৱাইছে কোনোৱে চিকিৎসা,বজাৰ কৰাৰ অচিলা দেখুৱাইছে ।

ইপিনে লক ডাউনৰ প্ৰথম দিনৰে পৰা ধেমাজিত ৰন্ধন গেছৰ নাটনি হোৱাত উপভোক্তাসকলক নিয়ন্ত্ৰণৰ বাবে বৰ্তমান ধেমাজি গেছ এজেন্সিত আৰক্ষী মোতায়েন কৰিবলগীয়া হৈছে ।

আৰু পঢ়কঃ নগাঁৱৰ কামপুৰৰ হাৰিয়া নৈত ডুবি সলিল সমাধি এজনৰ

19:39 March 27

বাইহাটা চাৰিআলিত ব্লিচিং পাউদাৰ মিহলি পানী চতিয়াই প্ৰদূষণ মুক্ত কৰাৰ চেষ্টা

ৰঙিয়াা প্ৰদূষণ মুক্ত কৰাৰ চেষ্টা বিধায়কৰ

কামৰূপ, 27 মাৰ্চঃ সমগ্ৰ দেশত কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা তলাবন্ধ কাৰ্যসূচীৰ সময়তে ৰঙিয়া মহকুমা প্ৰশাসনে লৈছে অন্য এক পদক্ষেপ । ৰঙিয়াা মহকুমাা প্ৰশাসনৰ উদ্যোগত আৰু কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ সহযোগত বাইহাটা চাৰিআলিৰ চাৰিওটা পথতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে ব্লিচিং পাউদাৰ মিহলি পানী চতিয়াই প্ৰদূষণ মুক্ত কৰাৰ  চেষ্টা চলাইছে । বাইহাটা চাৰিআলিৰ এই পৰিস্কৰণ কাৰ্যসূচীত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা । কাৰ্যসূচীত উপস্থিত থাকি বিধায়ক গৰাকীয়ে কমলপুৰ সমষ্টি বৃহৎ প্ৰত্যহ্বানৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰে । লগতে উল্লেখ কৰে যে,বহিঃৰাজ্যত কৰ্মৰত হৈ থকা তথা শিক্ষাৰ্থী উভতি অহাৰ লগতে বিভিন্ন উদ্যোগ সমূহলৈ সামগ্ৰী কঢ়িয়াই অনা বাহন সমূহৰ চালককে ধৰি পাচশৰো অধিক সন্দেহজনক কৰ'ণা সংক্ৰমিত ব্যক্তি গৃহ বন্দী হৈ থকাৰ কথা উল্লেখ কৰে ।  

আনফালে, যি সকল ব্যক্তি বিনাকাৰনত ৰাজপথত ঘূৰি পকি থাকে সেই সকল ব্যক্তি হত্যাকাৰী  বুলিও উল্লেখ কৰে । সেই সকল ব্যক্তিক আইন গত ব্যৱস্থালোৱা হব বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ।

আৰু পঢ়কঃ নগাঁৱৰ কামপুৰৰ হাৰিয়া নৈত ডুবি সলিল সমাধি এজনৰ

19:20 March 27

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত ছেনিটাইজ । হাইপ'থ্ৰাৰ্মিয়া ব্যৱহাৰ কৰি কৰা হৈছে পৰিষ্কাৰ ৷

যোৰহাটত ছেনিটাইজ

যোৰহাট, 27 মাৰ্চঃ সমগ্ৰ দেশত এতিয়া কৰ'ণা ভাইৰাছৰ আতংক । সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ চৰকাৰী স্বাস্থ্য বিভাগৰ লগতে পৌৰ নিকায় সকলো উঠি পৰি লাগিছে । যোৰহাট পৌৰসভাও চহৰখনৰ ১৯ টাকৈ ৱাৰ্ড লগতে কেন্দ্ৰীয় কাৰাগাৰ,ৰৰৈয়া বিমান বন্দৰ,ৰে'ল জংচন,দৈনিক বজাৰ আদিত চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে । ইতিমধ্যে যোৰহাট চহৰখনত পাচলি,মাছ মাংসৰ দোকান সম্পূৰ্ণ ৰূপত বন্ধ কৰি দিয়া হৈছে ।

আৰু পঢ়কঃ লক ডাউনৰ তৃতীয়টো দিন, কি পৰিৱেশ অসমত ?

16:55 March 27

শুকুৰবাৰে টিংখাঙৰ বিভিন্ন স্থানত অগ্নি নিৰ্বাপক বাহিনীয়ে কৰে চেনিটাইজ ৷

টিংখাঙত অগ্নি নিৰ্বাপ দ্বাৰা চেনিটাইজ

টিংখাং,27 মাৰ্চঃ শুকুৰবাৰে কৰ'ণা ভাইৰাছ ৰোধৰ বাবে ডিব্ৰুগড়ৰ জিলাৰ টিংখাঙৰ ৰাজগড়ত অগ্নিনিৰ্বাপক বাহিনী,টিংখাঙৰ বিধায়ক বিমল বড়া আৰু টিংখাং ৰাজহ চক্ৰ বিভাগৰ বিশেষ পদক্ষেপ ৷ টিংখাঙৰ বিভিন্ন স্থানৰ অগ্নি নিৰ্বাপক বাহিনীয়ে ৰাজগড়ত কৰে চেনিটাইজ। প্ৰতিটো নলা নৰ্দমা,ব্যৱসায় প্ৰতিষ্ঠান আদি সকলোতে চেনিটাইজ কৰে অগ্নি নিৰ্বাপক বাহিনীয়ে ।

আৰু পঢ়কঃ লক ডাউনৰ তৃতীয়টো দিন, কি পৰিৱেশ অসমত ?

15:49 March 27

গোলাঘাটত প্ৰশাসনৰ প্ৰশংসনীয় পদক্ষেপ ৷ লক ডাউনৰ সময়ত বাহিৰলৈ ৰাইজ ওলাই নহাকৈ নিজ ঘৰতে বস্তু কিনিব পৰাকৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা কৰিছে বিশেষ ব্যৱস্থা ৷

লক ডাউনঃ গোলাঘাটত ঘৰতে লভ কৰিব শাক-পাঁচলি

গোলাঘাট, 27 মাৰ্চঃঘৰতে থাকক, সুৰক্ষিত থাকক । কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পোৱাৰ প্ৰধান উপায়টোৱেই হৈছে গৃহবন্দী। ঘৰতে শাক-পাচলি আলু পিয়াঁজৰ ব্যৱস্থা গোলাঘাট প্ৰশাসনৰ ।  

গোলাঘাটত চুবুৰীয়ে চুবুৰীয়ে ভ্ৰাম্যমাণ শাক-পাঁচলি ক্ৰয়ৰ ব্যৱস্থা । লক ডাউনৰ সময়ত বাহিৰলৈ ৰাইজ ওলাই নহাকৈ নিজ ঘৰতে বস্তু কিনিব পৰাকৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা কৰিছে বিশেষ ব্যৱস্থা । সামাজিক দূৰত্ব বজাই ৰাখি ৰাইজে কিনিছে শাক-পাঁচলি । প্ৰশাসনৰ এনে পদক্ষেপক আদৰণি জনাইছে স্থানীয় ৰাইজে ৷  

আৰু পঢ়কঃ কভিড-19ঃ তিনিমাহৰ বাবে EMI ৰেহাই ঘোষণা কৰিলে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে

Last Updated : Mar 27, 2020, 11:51 PM IST

ABOUT THE AUTHOR

...view details