বাক্সা, 6 ফেব্ৰুৱাৰী : শুকুৰবাৰে বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ ২০২১-২০২২ বৰ্ষৰ নতুন কমিটিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয় শালবাৰী ইণ্ডোৰ ষ্টেডিয়ামত ৷ লগতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় বাক্সা জিলা এবছুৰ কাৰ্যভাৰ গ্ৰহণৰ কাৰ্যসূচীও ৷
২৩,২৪ আৰু ২৫ জানুৱাৰীত চিমলাৰ খামাৰদৈচা খেলপথাৰত অনুষ্ঠিত হোৱা ১৬ তম বাৰ্ষিক অধিবেশনত ২৫ জনীয়া পূৰ্ণাংগ কমিটিখন গঠন কৰা হয় ৷ চিমলাৰ খামাৰদৈচা খেলপথাৰত অনুষ্ঠিত হোৱা এই সভাত উমেশ দৈমাৰীক সভাপতি আৰু নন্দেশ্বৰ বড়োক সাধাৰণ সম্পাদক হিচাপে অংশগ্ৰহণ কৰে ৷