অসম

assam

By

Published : Nov 15, 2020, 12:46 PM IST

ETV Bharat / state

প্ৰসংগ লাফিকুল ইছলাম হত্যাকাণ্ড : ন্যায়ৰ আশাত 3 বছৰ অতিক্ৰম

লাফিকুল ইছলামৰ হত্যাক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেকি এ বি এমছুৰ সাধাৰণ সম্পাদক টাইচন হুছেইনে । কোকৰাঝাৰ জিলাত বিটিচি নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এই মন্তব্য ৷

abmsu-reaction-on-former-abmsu-presedent-lafiqulw-islam-murder-reaction
লাফিকুল ইছলামৰ হত্যাক লৈ প্ৰতিক্ৰিয়া

বাক্সা, 15 নৱেম্বৰ :2017 চনৰ এ বি এমছুৰ তদানীন্তন সভাপতি লাফিকুল ইছলামৰ হত্যাক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এ বি এমছুৰ সাধাৰণ সম্পাদক টাইচন হুছেইনে । কোকৰাঝাৰ জিলাত বিটিচি নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হত্যাকাৰীক CBI য়ে চিনাক্ত কৰা বুলি মন্তব্য প্ৰদান কৰা কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নেতা গৰাকীয়ে ৷

এ বি এমছুৰ সাধাৰণ সম্পাদক টাইচন হুছেইনৰ মন্তব্য

নিৰ্বাচনী সভাত ভাষণ ৰাখি পুনৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে, বিজেপিয়ে বিটিচিত শাসনলৈ আহিলে দুমাহৰ ভিতৰত হত্যাকাৰীক ৰাইজৰ মাজলৈ লৈ অহা হ'ব বুলি মন্তব্য প্ৰদান কৰে ৷ ইফালে, বিগত তিনিটা বছৰে আন্দোলন কৰাৰ পিচতো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰা বুলি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে নেতা গৰাকীয়ে ।

ইফালে, হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিচতো এবিএমছুৰ সম্পাদক গৰাকীয়ে পুনৰ কয় যে, CBI য়ে যদি লাফিকুলৰ হত্যাকাৰীক চিনাক্ত কৰিছে হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত বিজেপি দলে CBI ক বাধা প্ৰদান কৰিছে নেকি বুলিও গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে । সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ যদি সদিচ্ছা আছে বিটিচি নিৰ্বাচনৰ পূৰ্বেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ প্ৰত্যাহ্বান জনাই নেতা গৰাকীয়ে ।

লগতে পঢ়ক :শক্তি বিভাগৰ আজৱ কাণ্ড : এটা বাল্ব জ্বলোৱাৰ বিনিময়ত হাজাৰ হাজাৰ বিল

ABOUT THE AUTHOR

...view details