বাক্সা,১৩ মে’:পবিত্ৰ ঈদলৈ মাজত মাত্ৰ কেইটামান ঘন্টা বাকী ৷ প্ৰতি বৃহস্পতিবাৰ আৰু দেওবাৰে বাক্সাৰ বৰমাত বহে এখন বৃহৎ সাপ্তাহিক বজাৰ ৷ সুদুৰ বৰপেটাৰোড, খাৰুপেটীয়া আদিৰ পৰা অহা ব্যৱসায়ীৰে ভৰি পৰে বৰমাৰ সাপ্তাহিক বজাৰ ৷
কিন্তু সন্মুখত ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ থকা স্বত্বেও বৰমাৰ সাপ্তাহিক বজাৰত বৰ্তমান নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে ৷ বজাৰত নাই কোনো ক্ৰেতা, নাই বিক্ৰেতা ৷ দেশত হোৱা কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰা নতুন এছঅ’পিৰ প্ৰতি সন্মান জনাই বৰমা সাপ্তাহিক বজাৰ বন্ধ ৰাখিছে বজাৰ সমিতিয়ে ৷