অসম

assam

ETV Bharat / state

এধানি সহায়ৰ বাবে বাট চাই ৰৈছে বাক্সাৰ এটা পৰিয়ালে

বিগত দুটা বছৰে কৰ্কট ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ থকা কুমাৰীকাটাৰ ভাংবাৰীৰ, ৰাতুল কলিতা নামৰ লোক গৰাকীৰ পৰিয়াল এতিয়া আৰ্থিক অনাটনেৰে জুৰুলা ৷

a poor family from baksa needs help from govt.
a poor family from baksa needs help from govt.

By

Published : Jun 18, 2020, 5:39 PM IST

বাক্সা, 18 জুনঃ বিগত দুবছৰে কৰ্কট ৰোগত আক্ৰান্ত হৈ বিচনাতে পৰি আছে, তামুলপুৰ মুহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ ভাংবাৰীৰ ৰাতুল কলিতা নামৰ এগৰাকী লোক ৷ দুটি কণমানি সন্তানৰ পিতৃ ৰাতুল কলিতা আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৷ কিন্তু বিগত দুটা বছৰে লোকগৰাকী শয্যাশায়ী হৈ থকাৰ বাবে সম্প্ৰতি আৰ্থিক সংকটে দেখা দিছে তেওঁৰ পৰিয়ালত ৷

বিগত দুটা বছৰে কৰ্কট ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী আছে ৰাতুল কলিতা

ৰোগাক্ৰান্ত লোক গৰাকীৰ পত্নীয়ে জানিবলৈ দিয়া অনুসৰি, স্বামীৰ চিকিৎসাৰ বাবে মাটি-বাৰী বিক্ৰী কৰি কৰিও কোনো নোপোৱাত এতিয়া বিচনাতে যন্ত্ৰাণাত চটফটাই থাকিবলগীয়া হৈছে ৰাতুল কলিতা ৷ জানিব পৰা মতে, এই আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোক আজি পৰ্যন্ত চৰকাৰৰ কোনো ধৰণৰ আঁচনিয়েও ঢুকি পোৱা নাই ৷ অটল অমৃত যোজনাৰ কাৰ্ড আৰু আয়ুষ্মান ভাৰতৰ কাৰ্ড থকা সত্বেও এই পৰিয়ালটোৱে এতিয়ালৈ নাপালে কোনো সুবিধা ৷ যাৰ বাবে এতিয়া পৰিয়ালটোৱে চৰকাৰ আৰু ৰাইজৰ পৰা বিচাৰিছে কিছু সহায়ৰ হাত৷ কোনো সদাশয় ব্যক্তিয়ে যদি এই পৰয়ালটোক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেন্তে,অসম গ্ৰামীণ বিকাশ বেংক কুমাৰীকাটা শাখাৰ ববিতা কলিতাৰ একাউন্ট নম্বৰ7088010020138ত সহায়ৰ হাত আগবঢ়াব পাৰে ৷ লগতে6000231612নম্বৰত কৰি তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পাৰে ৷

এধানি সহায়ৰ বাবে বাট চাই ৰৈছে বাক্সাৰ এটা পৰিয়ালে

লগতে পঢ়কঃঅভাৱগ্ৰস্তলৈ সহায়ৰ হাত তুলতুল কছাৰীৰ

ABOUT THE AUTHOR

...view details