বাক্সা, 22 আগষ্ট:বৰ্তমানেও উন্নয়নৰ মুখ নেদেখা সেই গাঁওখনৰ নাম ভূটান খুটী ৷ ভাৰত-ভূটান সীমান্তত অৱস্থিত ভূটান খুটী গাঁৱৰ লোকসকল আজিও বঞ্চিত হৈ আছে ন্যূনতম উন্নয়নৰ পৰাও ৷ খৰি বিক্ৰী কৰি নাইবা, শাক-পাচলি বিক্ৰী কৰি সেই গাঁৱৰ বাসিন্দাসকলে পৰিয়াল পোহপাল দি আছে যদিও,সেইয়া পৰ্যাপ্ত নহয় তেওঁলোকৰ বাবে ৷ গাঁওখনত আছে প্ৰায় 20 ৰ পৰা 30 ঘৰ পৰিয়াল ৷ প্ৰতিদিনেই তেওঁলোকে পাহাৰৰ পৰা খৰি আনি,প্ৰায় ৭-৮ কিলোমিটাৰ দূৰ খোজকাঢ়ি বা চাইকেলেৰে সেইবোৰ লৈ যায় বজাৰত বিক্ৰী কৰিবলৈ ৷ ন্যূনতম যাতায়াতৰ সুবিধাৰ পৰাও আনকি বঞ্চিত তেওঁলোক ৷
স্থানীয় ৰাইজৰ অভিযোগ তেওঁলোকে আজি পৰ্যন্ত পোৱা নাই চৰকাৰৰ কোনো সুবিধা ৷ কেইটামান পৰিয়ালক বাদ দি গাঁৱখনৰ অধিকাংশ পৰিয়ালৰে ঘৰত নাই বিজুলীবাতিৰ ব্যৱস্থা ৷ আচৰিত যেন লাগিলেও বিজ্ঞান-প্ৰযুক্তিৰ দৌৰাত্ম্যৰ দিনটো গাঁৱখনৰ লোকে এনে ধৰণৰ বহু সুবিধাৰ পৰা বঞ্চিত হৈ থকাৰ কথা উল্লেখ কৰিলে সংবাদ মাধ্যমযোগে ৷ কোনো এখন চৰকাৰী আঁচনিয়ে আজি পৰ্যন্ত ঢুকি নাপালে গাঁৱখনৰ লোকক ৷ তেওঁলোকৰ খবৰ ল'বলৈয়ো আজি পৰ্যন্ত অহা নাই কোনো জন প্ৰতিনিধি কিম্বা প্ৰশাসনৰ লোক ৷ কেৱল এয়াই নহয় ৷ শুনিলে বা জানিলে আপুনিও আচৰিত হ'ব যে,নিৰ্বাচন মানে কি সেই কথাও আনকি নাজানে গাঁওখনৰ লোকে ৷