অসম

assam

By

Published : Aug 4, 2021, 4:43 PM IST

ETV Bharat / state

জাকত জিলিকা হৈ পৰা বাক্সাৰ এখন বিদ্যালয়

বাক্সা জিলাৰ এখন অনন্য শিক্ষানুষ্ঠান আঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ শৈক্ষিক পৰিৱেশ সৃষ্টিৰ লগতে শিক্ষানুষ্ঠানক আধুনিকীকৰণেৰে ন-ৰূপ দিছে বিদ্যালয়ৰ অধ্যক্ষ ৰনিচ চন্দ্ৰ (চাংগ্ৰাং) ৰামছিয়াৰীয়ে ৷

education develop a school
আঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ঃ

বাক্সা,4 আগষ্ট:আধুনিকীকৰণেৰে উদ্ভাসিত বাক্সাৰ এখন বিদ্যালয় ৷ এগৰাকী প্ৰধান শিক্ষকৰ ব্যক্তিগত প্ৰচেষ্টাত ন-ৰূপত সজাই তোলা হৈছে বিদ্যালয়খনক ৷ এই বিদ্যালয়খন হৈছে বাক্সা জিলাৰ ৷ আঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷

১৯৬১ চনতে হাইস্কুল হিচাবে স্থাপন হৈ পৰৱৰ্তী সময়ত ১৯৭৯ চনত উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱা এই শিক্ষানুষ্ঠানখনৰ চৌহদত বৰ্তমানৰ অধ্যক্ষ ৰনিচ চন্দ্ৰ ৰামছিয়াৰীয়ে তেখেতৰ একক প্ৰচেষ্টাৰে ১ লাখ ৮০ হাজাৰ টকা ধনৰাশি ব্যয়েৰে নিজা প্ৰচেষ্টাত এটা স্মৃতি স্তম্ভ নিৰ্মাণ কৰে। মুঠ ৮৬৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি থকা এই বিদ্যালয়খনত অনুশাসন ব্যৱস্থা হৈছে কঠোৰ ।

বিদ্যালয়খনত শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে গ্ৰন্থাগাৰ, কম্পিউটাৰ লেব, স্মাৰ্ট ক্লাছ ৰূম (আইচিটি, আইটি, এটিএল) আদিও সন্নিবিষ্ট আছে ৷

জাকত জিলিকা হৈ পৰা বাক্সাৰ এখন বিদ্যালয়

ইয়াৰ উপৰিও বিদ্যালয়খনত ৰিটেইল ট্ৰেডৰ বিষয়েও ছাত্ৰ-ছাত্ৰীক জ্ঞান দিয়া হয় ৷ আনহাতে, অধ্যক্ষ গৰাকীয়ে নিজে ছাত্ৰ-ছাত্ৰীক নিজে স্কাউট এণ্ড গাইডৰ প্ৰশিক্ষণ প্ৰদান কৰে ৷ তাৰোপৰি শিক্ষানুষ্ঠানখনৰ চৌহদত নানাৰঙী ফুলৰ বাগিছাৰ লগতে বিভিন্ন বনৌষধি গছ ৰোপন কৰা হৈছে । সাম্প্ৰতিক সময়ত ক'ৰণাৰ সময়তো ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নিয়মিতভাৱে অনলাইন ক্লাচ চলি থকা বুলিও অধ্যক্ষ গৰাকীয়ে জানিবলৈ দিয়ে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাতো বিদ্যালয়খনৰ শিক্ষাৰ্থীয়ে পূৰ্বৰ তুলনাত অধিক সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰ পাবলৈ সক্ষম হৈছে । সম্প্ৰতি বিদ্যালয়খত ১৭ টা শিক্ষক পদ আৰু ১টা ঠিকা ভিত্তিক শিক্ষকৰ পদ খালি আছে ৷ অধ্যক্ষগৰাকীৰ শৈক্ষিক দিশ আৰু চাফ-চিকুনতাৰ বাবে কিছুদিন পূৰ্বে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া, বিটিচিৰ কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে ৰাকেশ ব্ৰহ্ম আৰু ঘনশ্যাম দাস আদি লোকসকলে বিদ্যালয়খন পৰিদৰ্শন কৰি প্ৰশংসা কৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে, আঠিয়াবাৰী ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰামছিয়াৰীয়ে বছৰত চাৰিবাৰকৈ অভিভাৱক সন্মিলন অনুষ্ঠিত কৰি শিক্ষাৰ ক্ষেত্ৰত আৰু এঢাপ আগুৱাই নিয়াৰ প্ৰয়াস কৰি আহিছে । শিক্ষাদানৰ উপৰিও শিক্ষাৰ্থী সকলৰ সাহিত্য চৰ্চাৰ ক্ষেত্ৰতো অধিক গুৰুত্ব প্ৰদান কৰি আহিছে অধ্যক্ষ ৰনিচ চন্দ্ৰ ৰামছিয়াৰীয়ে ।

ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতেই 'জিঊনি চিমাং' নামৰ এটা কবিতা লিখি সকলোকে আকৰ্ষণ কৰা ৰামছিয়াৰীয়ে বৰ্তমান বড়ো জনপ্ৰিয় আলোচনী 'নৌজৌৰ'ৰ সম্পাদক হিচাপে কাম কৰি আহিছে ৷ তাৰোপৰি ৰামছিয়াৰীয়ে বড়ো ৰাইটাৰ্চ একাডেমীৰ আজীৱন সদস্যৰ লগতে পূৰ্বে বাক্সা জিলা সমিতিৰ মুখপাত্ৰ আৰু সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

ইয়াৰ উপৰিও ৰামছিয়াৰী প্ৰকাশন সমিতিৰ সম্পাদকৰ দায়িত্বতো কাৰ্যনিৰ্বাহ কৰিছিল । ইতিমধ্যে বড়ো লোক সাহিত্যৰ ওজা সুকুমাৰ বসুমতাৰীৰ প্ৰথম আৰু দ্বিতীয় সংকলনৰ লগতে বড়ো সাহিত্য সভাৰ উপ সভাপতি তথা আঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰামদাস বড়োৰ জীৱনৰ আধাৰত লিখা গ্ৰন্থখনৰ প্ৰথম সংকলনো সম্পাদনা কৰে ।

এই গৰাকী নমস্য ব্যক্তিৰ প্ৰচেষ্টাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বহু বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে আঠিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তি কৰিছে । নিশ্চিতভাৱে এয়া এক আশাৰ বাৰ্তা ৷

লগতে পঢ়ক:অসমত আৰম্ভ হ'ব ভিষ্টাড'ম ৰে’ল সেৱা

ABOUT THE AUTHOR

...view details