অসম

assam

By

Published : Jul 2, 2020, 4:48 PM IST

ETV Bharat / state

একদিনাই 6 শতাধিকে যোগ দিলে বিপিএফত

ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ উপস্থিতিত প্ৰায় 6 শতাধিক বিভিন্ন ৰাজনৈতিক দলৰ সদস্যই বিপিএফ দলত যোগদান কৰে ৷ সাংসদজনে অ-জনজাতি লোক সকলকো বিপিএফত যোগদান কৰিবলৈ আহ্বান জনাইছে ৷

600 persons Joining in BPF party At Baksha
বাক্সাত ছয় সহস্ৰাধিক লোকে বিপিএফ দলত যোগদান

বাক্সা, 2 জুলাইঃ বাক্সাৰ জিলাৰ ২৬ নং দৰঙাজুলি বিপিএফত 6 শতাধিক লোকে যোগদান কৰে । উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী ৷

বিশ্ব ত্ৰাস কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বিটিচিত পৰিষদীয় নিৰ্বাচনৰ বতাহ অব্যাহত আছে । বৃহস্পতি বাৰে বাক্সা জিলাৰ তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বিটিচিৰ ২৬ নং দৰঙাজুলি বিটিচিৰ পৰিষদীয় সমষ্টিত ছয় সহস্ৰাধিক লোকে বিপিএফ দলত যোগদান কৰে । উক্ত কাৰ্য্যসূচীত বিজেপি দলৰ পৰা ৰিঙচাৰ বড়ো আৰু খনিন্দ্ৰনাথ দাসৰ নেতৃত্বত 341গৰাকী, ইউপিপি এল দলৰ পৰা 69 গৰাকী, গণ সুৰক্ষা পাৰ্টি পৰা 176 গৰাকী আৰু অবড়োৰ পৰা 90 গৰাকী লোকে যোগদান কৰে ।

বাক্সাত ছয় সহস্ৰাধিক লোকে বিপিএফ দলত যোগদান

বিপিএফ দলৰ যোগদান সভাত উপস্থিত থাকি ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয় যে, অ-জনজাতি লোক সকল যোগদান কৰক তেতিয়াহে জয়ী হোৱা প্ৰাৰ্থীক অথবা ভাল মানুহক বিধান সভাত প্ৰাৰ্থীত্ব দিয়া হ'ব বুলি কয় । সভাত সাংসদ গৰাকীৰ লগতে চাপাগুৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী, দৰঙাজুলি পৰিষদীয় সমষ্টিৰ বিটিচিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰী, তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশী, তামুলপুৰ ব্লক বিপিএফৰ সভাপতি আদিত্য সিংহাৰ লগতে বিপিএফ দলৰ বহু দলীয় নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক- চৰকাৰৰ নতুন ভূমি নীতিৰ বিৰোধিতা ৰিপুন বৰাৰ

ABOUT THE AUTHOR

...view details