বাক্সা, ৫ মাৰ্চ : মঙলবাৰে মেকলিইডচ ফাৰ্মাচিটিকেল নামৰ এক ঔষধ প্ৰতিস্থানৰ কৰ্মচাৰী সকল উপস্থিত হয় পুলৱামা কাণ্ডত শ্বহীদ হোৱা মনেশ্বৰ বসুমতাৰীৰ বাসগৃহত ।
প্ৰতিস্থানৰ তৰফৰ পৰা অহা প্ৰতিনিধি সকলে বীৰ ছহিদ গৰাকীৰ পত্নী, পুত্ৰৰ আৰু কন্যাক লগকৰি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে ৫ লাখ টকা আৰ্থিক অনুদান (চেক) আগবঢ়াই ।
উল্লেখযোগ্য যে কোম্পানীটোৱে পুলৱামাত শ্বহীদ হোৱা প্ৰতিগৰাকীৰ পৰিয়াললৈ পাঁচ লাখ টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ।
সাংবাদিক সকলৰ লগত হোৱা এক সাৎক্ষাতকাৰত প্ৰতিস্থানতোৰ সহকাৰী পৰিচালক নিহাৰ ৰজ্ঞন বেহৰাই জানিবলৈ দিয়ে যে প্ৰতিস্থানতোৱে পুলৱামাত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা ৪০ গৰাকী বীৰ শ্বহীদৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াব ।
প্ৰতিনিধি দলটোত কোম্পানীটোৰ সহকাৰী পৰিচালক নীহাৰ বেহেৰা , আৰ এছ এম সন্দিপ বেনাৰ্জী , এফ এছ এম সহদত হুছেইন , পি এছ ও হেমেন ডেকা আদিকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে ।