বাক্সা, ১২ ফেব্ৰুৱাৰী:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ঘগ্ৰাচকত মঙলবাৰে পুৱা জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতীয়ে (CCTOA) অনশন কাৰ্যসূচী ৰূপায়ন কৰে । ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিবলৈ ওলোৱা কাৰ্যক বিৰোধিতা কৰি CCTOA'এ ৰূপায়ন কৰে এই অনশন কাৰ্যসূচী ।
বাক্সাৰ তামুলপুৰত CCTOA ৰ ১২ ঘন্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী
ছয় জনজাতিক জনজাতিকৰণ নকৰাৰ দাবীত প্ৰতিবাদ
অসমত ভূমিপুত্ৰ জনজাতি লোক সকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বলপূৰ্বক ভাৱে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিবলৈ ওলোৱা কাৰ্যক বিভিন্ন সময়ত বিভিন্ন দলে বিৰোধিতা কৰি আহিছে । তথাপিও জনজাতি লোক সকলক অংগুষ্ঠ প্ৰদৰ্শন কৰি ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিবলৈ ওলাইছে কেন্দ্ৰীয় চৰকাৰে । সেয়ে CCTOA'এ আজি ইয়াৰ প্ৰতিবাদত পুৱা ৭ বজাৰ পৰা গধূলি ৭ বজালৈ ১২ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে । উল্লেখ্য যে ইয়াতে ক্ষান্ত নাথাকি CCTOA ই অহাকালি ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে ।
আনহাতে জনজাতীয় নেতা গৰাকীয়ে জানিব দিয়া মতে কেৱল ৰাজনৈতিক লাভালাভৰ বাবেহে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ আগবাঢ়ি আহিছে ।