স্পৰ্টচ ডেস্ক, 30 জুলাই :টকিঅ’ অলিম্পিক(Tokyo Olympics)ত অসম কন্যা লাভলীনা বৰগোঁহাই(Boxer Lovlina Borgohain)ৰ বক্সিঙৰ 69 কেজিৰ ছেমিফাইনেলত প্ৰৱেশ ৷ ইয়াৰ লগে লগে লগেই টকিঅ’ অলিম্পিকত লাভলীনাই ভাৰতৰ বাবে আন এটা পদক নিশ্চিত কৰিছে ৷ 2018 চনৰ মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়ন চাইনীজ টাইপেইৰ চেন নিয়েন চিন(Nien-Chin Chen of Chinese Taipei)ক শুকুৰবাৰে 4-1 ৰ ব্যৱধানত পৰাস্ত কৰে লাভলীনাই ৷ ইয়াৰ লগে লগেই লাভলীনা হৈ পৰিল অলিম্পিকত মেডেল লাভ কৰা তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ ৷
ইয়াৰ পূৰ্বে বক্সাৰ বিজেন্দ্ৰ সিং আৰু এম চি মেৰিকমে লাভ কৰিছিল এই সন্মান ৷ স্বাভাৱিকতেই অলিম্পিকত লাভলীনাৰ এই জয়ে এতিয়া সমগ্ৰ দেশৰ ক্ৰীড়া অনুৰাগী সকলৰ লগতে অসমত ব্যাপক উচাহৰ সৃষ্টি কৰিছে ৷ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ নাডিন এপেটজৰ বিৰুদ্ধে জয় লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল লাভলীনাই ৷