স্পৰ্টছ ডেস্ক, 31 অক্টোবৰ :কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে বিশ্বৰ দুই সংখ্যক মহিলা টেনিছ তাৰকা ছিমনা হালেপ ৷ হালেপৰ দেহত কৰ'ণাৰ সাধাৰণ লক্ষণ দেখা দিছে বুলি জানিব পৰা গৈছে ৷ লগতে কৰ'ণাৰ পৰা লাহেকৈ আৰোগ্য হৈ উঠা বুলিও জানিবলৈ দিয়ে হালেপে ৷
টুইটাৰৰ জৰিয়তে 29 বৰ্ষীয় ৰোমানিয়ান তাৰকা খেলুৱৈ হালেপে কয়, "সকলোকে জনাওঁ যে, মই ক'ভিড-19 ত আক্ৰান্ত হৈছো ৷ মই ঘৰতে আইশ্বলেশ্যনত আছো আৰু এতিয়া আৰোগ্য হৈ উঠিছো ৷"
উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ বাবে হালেপে এই বৰ্ষৰ ইউ এছ অ'পেনত অংশগ্ৰহণৰ পৰা বিৰত আছিল ৷ 2018 চনৰ ফ্ৰেন্স অ'পেন জয়ী আৰু ডিফেণ্ডিং উইম্বলডন চেম্পিয়ন হালেপে এই বছৰত অংশগ্ৰহণ কৰা ৰোলাণ্ড গাৰোজত চতুৰ্থ ৰাউণ্ডত ইগা ছোৱাইটেকৰ বিৰুদ্ধে পৰাস্ত হয় ৷
ফ্ৰেন্স অ'পেনত পৰাস্ত হোৱাৰ পাচত 2020 বৰ্ষত আৰু কোনো টুৰ্ণামেন্টত অংশগ্ৰহণ নকৰে বুলি জানিবলৈ দিছিল হালেপে ৷
লগতে পঢ়ক :উইকেটক অধ্যয়ন কৰিবলৈ অসমৰ্থ হ'লো : শ্ৰেয়াস আয়াৰ