অসম

assam

ETV Bharat / sports

গ্ৰিগোৰ ডিমিট্ৰভৰ পাচতেই আন এজন খেলুৱৈ কৰ'ণা পজিটিভ : অগ্নিশৰ্মা নিক'লাছ ক্ৰিগিওছ - বাৰ্ণা কোৰিক

বুলগেৰীয়াৰ টেনিছ খেলুৱৈ গ্ৰিগোৰ ডিমিট্ৰভৰ কৰ'ণা পজিটিভিৰ এদিন পাচতেই ক্ৰোয়েচিয়াৰ বাৰ্ণা কোৰিকৰ দেহতো পোৱা গ'ল কৰ'ণা ভাইৰাছৰ উপস্থিতি ।

novak djokovic gets criticised after back to back two players tested corona positive
novak djokovic gets criticised after back to back two players tested corona positive

By

Published : Jun 22, 2020, 9:52 PM IST

স্পৰ্টছ ডেস্ক, 22 জুনঃ গ্ৰিগোৰ ডিমিট্ৰভৰ কৰ'ণা পজিটিভ পোৱাৰ এদিন পাচতেই আন এজন টেনিছ খেলুৱৈ কৰ'ণা পজিটিভ । শেহতীয়াকৈ ক্ৰোয়েচিয়াৰ বাৰ্ণা কোৰিকৰ দেহত পোৱা গৈছে কৰ'ণা ভাইৰাছৰ উপস্থিতি ।

উল্লেখ্য যে, দুয়োগৰাকী খেলুৱৈয়ে আড্ৰিয়া ট্যুৰ প্ৰদৰ্শনী মেচত অংশগ্ৰহণ কৰিছিল । এই প্ৰতিযোগিতাত এই দুই খেলুৱৈৰ লগতে ন'ভাক জ'ক'ভিচ, এলেকজেণ্ডাৰ জুভেৰব আৰু ড'মিনিক থিয়েমে অংশগ্ৰহণ কৰিছিল ।

কোৰিকে টুইটাৰ যোগে নিজৰ কৰ'ণা পজিটিভিৰ কথা স্পষ্ট কৰে । লগতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে পৰীক্ষা কৰাবলৈও আহ্বান জনায় । ইয়াৰ পূৰ্বে ডিমিট্ৰভেও ইনষ্টাগ্ৰামত নিজৰ কৰ'ণা পজিটিভৰ কথা উল্লেখ কৰি তেওঁৰ সংস্পৰ্শলৈ অহা লোকক পৰীক্ষাৰ আহ্বান জনাইছিল । দুয়োৱে অনিচ্ছাকৃত ভাৱে অন্য লোকক আঘাত কৰাৰ বাবে ক্ষমা প্ৰাৰ্থনাও বিচাৰিছিল ।

কিন্তু কোৰিকৰ কৰ'ণা পজিটিভৰ কথা পোহৰলৈ অহাৰ পাচতেই নিক'লাছ ক্ৰিগিওছ ক্ষোভিত হৈ পৰে । টুইটাৰত এক প'ষ্ট শ্বেয়াৰ কৰি তেওঁ নিজৰ ক্ষোভ প্ৰকাশ কৰে । তেওঁ কয়, এনে এক পৰিস্থিতিত প্ৰদৰ্শনী মেচ আয়োজন কৰাটো মুৰ্খামি । লগতে সতীৰ্থ সকলৰ অতি সোনকালে আৰোগ্য় কামনা কৰে । আনহাতে যেতিয়া কোনোৱে নীতি-নিয়ম উলংঘন কৰে এনেকুৱাই হয় বুলি উল্লেখ কৰাৰ লগতে এইয়া কৌতুক নহয় বুলি কয় খেলুৱৈগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details