স্পৰ্টছ ডেস্ক, 21 নৱেম্বৰ :এটিপি ফাইনেলছত ডিয়েগো স্বোৱাৰ্টজমেনক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ডেনিল মেডভেডেভে ৷ 6-3, 6-3 ছেটত জয়ী হোৱা মেডভেডেভে O2 Arena ত ছেমি ফাইনেলত মুখামুখি হ'ব তাৰকা খেলুৱৈ ৰাফেল নাডালৰ বিৰুদ্ধে ৷
এই জয়েৰে তেওঁ গ্ৰুপ টকিঅ' 1970 ত 3-0 ত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে, যোৱা বছৰ এখনো মেচত জয়ী হ'বলৈ সক্ষম হোৱা নাছিল স্বোৱাৰ্টজমেন ৷ ভাৰতীয় সময় অনুসৰি, দেওবাৰে দোকমোকালি ভাগতে নাডাল আৰু স্বোৱাৰ্টজমেনৰ মাজত ছেমি ফাইনেল মেচ অনুষ্ঠিত হ'ব ৷