অসম

assam

ETV Bharat / sports

ৰিঅ' অলিম্পিকে বহু কথা শিকাই থৈ গৈছিল: মীৰাবাই চানু - টকিঅ' অলিম্পিকৰ ফলাফলৰ বাতৰি

টকিঅ'ৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰি মীৰাবাই চানুৱে অলিম্পিকত ভাৰতৰ পদকৰ তালিকাও মুকলি কৰে ।

Tokyo Olympics
ৰিঅ' অলিম্পিকে বহু কথা শিকাই থৈ গৈছিল

By

Published : Jul 24, 2021, 3:42 PM IST

স্পৰ্টছ ডেস্ক, ২৪ জুলাই :শনিবাৰে টকিঅ' অলিম্পিকত (Tokyo Olympic) ৰূপৰ পদক অৰ্জন কৰাৰ পিছতে ভাৰতৰ ভাৰোত্তোলক (weightlifter) মীৰাবাই চানুৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰে । ২০১৬ ৰিঅ' অলিম্পিকক (Rio Olympic) স্মৰণ কৰি তেওঁ কয় যে তাত তেওঁ যথেষ্ট বিষয় শিকিবলৈ সক্ষম হৈছিল যিয়ে তেওঁক এই পদক লাভ কৰাত সহায় কৰিছে । তেওঁ লগতে কয় যে, এই প্ৰাপ্তিৰ বাবে তেওঁ সৰ্বোচ্চ চেষ্টা কৰিছিল । টকিঅ'ৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰি মীৰাবাই চানুৱে অলিম্পিকত ভাৰতৰ পদকৰ তালিকাও মুকলি কৰে ।

মীৰাবাই চানুয়ে (Mirabai Chanu) সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, তেওঁ এই পদকটো লাভ কৰি অত্যন্ত সুখী । সমগ্ৰ দেশে তেওঁক চাই আছিল আৰু সকলোৰে প্ৰত্যাশা আছিল যাৰ বাবে অলপ নাৰ্ভাছ হ'লেও তেওঁ সকলো প্ৰকাৰে চেষ্টা কৰিছিল । ২০১৬ অলিম্পিকত তেওঁৰ প্ৰদৰ্শন উন্নত নাছিল কিন্তু তাত তেওঁ বহু খিনি কথা শিকিছিল । যাৰ বাবে তেওঁ এইবাৰ কঠোৰ পৰিশ্ৰম কৰিছিল আৰু অৱশেষত তাৰ ফলস্বৰূপে এই পদক লাভ কৰিবলৈ সক্ষম হোৱা বুলি খেলুৱৈ গৰাকীয়ে উল্লেখ কৰে ।

ইফালে এই বিজয়ত আনন্দিত খেলুৱৈ গৰাকীয়ে নিশালৈ বিজয় উৎসৱ পালন কৰিব বুলিও কয় । মীৰাবাই চানুৱে লগতে কয় যে, তেওঁ যেতিয়া ভাৰতলৈ আহিব প্ৰথমে নিজৰ ঘৰলৈ যাব কিয়নো প্ৰায় ১-২ বছৰ ধৰি তেওঁ ঘৰলৈ যোৱা নাই । ঘৰলৈ গৈ তেওঁ পৰিয়ালৰ সৈতে কিছু সময় অতিবাহিত কৰিব ।

তেওঁ সোণৰ পদক জিকিব পাৰিব বুলি ভাবিছিল নেকি বুলি সোধাত চানুৱে কয় যে, তেওঁ সোণৰ পদকৰ বাবে যথাসাধ্য চেষ্টা কৰিছিল । যেতিয়া তেওঁ দ্বিতীয় লিফ্টটোলৈ গৈছিল তেতিয়াই তেওঁ পদক লাভ কৰিব বুলি অনুমান কৰিছিল । চানুৱে প্ৰতিযোগিতাখনত তেওঁৰ চাৰিটা সফল প্ৰচেষ্টাৰ সময়ত মুঠ ২০২ কিলোগ্ৰামৰ উত্তোলন কৰিছিল । চীনৰ ঝিহুই হৌৱে (Zhihui Hou) মুঠ ২১০ কিলোগ্ৰামৰ সৈতে স্বৰ্ণ পদক লাভ কৰে আৰু এটা নতুন অলিম্পিক ৰেকৰ্ড সৃষ্টি কৰে আনহাতে ইণ্ডোনেছিয়াৰ ৱিণ্ডি কেণ্টিকা আইছাই (Cantika Aisah) মুঠ ১৯৪ কিলোগ্ৰামৰ সৈতে ব্ৰঞ্জৰ পদক দখল কৰে ।

লগতে পঢ়ক :Tokyo Olympics: মণিপুৰৰ মীৰাবাই চানুৱে আনিলে প্ৰথমটো ৰূপৰ পদক

ABOUT THE AUTHOR

...view details