অসম

assam

ETV Bharat / sports

গুৱাহাটীত অনুষ্ঠিত হ’ব ‘টইছা’ - অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ সহযোগত টইছা

ফিল্ম ফেয়াৰৰ পূৰ্বে গুৱাহাটীত অনুষ্ঠিত হ’ব ‘‘টাইমছ অৱ ইণ্ডিয়া ক্ৰীড়া বঁটা’’ চমুকৈ ‘‘টইছা’’ ৷ 18 ডিচেম্বৰত নামী-দামী তাৰকাৰে ভৰিব পৰিব গুৱাহাটী মহানগৰী ।

গুৱাহাটীত অনুষ্ঠিত হ’ব ‘টইছা’
গুৱাহাটীত অনুষ্ঠিত হ’ব ‘টইছা’

By

Published : Dec 2, 2019, 12:35 PM IST

Updated : Dec 2, 2019, 3:26 PM IST

গুৱাহাটী, 2 ডিচেম্বৰ: ফিল্ম ফেয়াৰৰ পাচত অসমবাসীৰ বাবে আহিছে আন এক সুখবৰ ৷ ফিল্ম ফেয়াৰৰ পূৰ্বে গুৱাহাটীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত অনুষ্ঠিত হ'ব টাইমছ অৱ ইণ্ডিয়া ক্ৰীড়া বঁটা বিতৰণী অনুষ্ঠান চমুকৈ টইছা । অহা 18 ডিচেম্বৰত বলীউড তথা ক্ৰীড়া জগতৰ তাৰকাৰ সমাহাৰেৰে ৰঙীণ হ’ব গুৱাহাটী ৷ ইতিমধ্যেই টাইমছ অৱ ইণ্ডিয়া গ্ৰুপে অসম চৰকাৰৰ লগত সকলো যাৱতীয় কাৰ্যসূচী সম্পন্ন কৰিছে। দেশৰ এই সৰ্ববৃহৎ ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠানৰ স্পঞ্চৰ কৰিব অসম চৰকাৰৰ ক্ৰীড়া বিভাগে ।

গুৱাহাটীত অনুষ্ঠিত হ’ব ‘‘টাইমছ অৱ ইণ্ডিয়া ক্ৰীড়া বঁটা

এই অনুষ্ঠানত বলীউডৰ বিগ বি অমিতাভ বচ্চন, ক্ৰিকেটৰ ভগৱান ৰূপে খ্যাত শচীন তেণ্ডুলকাৰৰ লগতে ক্ৰীড়া জগতৰ কিংবদন্তি সুনীল গাভাস্কাৰ,কপিল দেৱ,ব্ৰায়ান লাৰা,এম.চি. মেৰিকম,হিমা দাস,বিজেন্দ্ৰ সিঙকে ধৰি প্ৰমুখ্য কৰি ভালেসংখ্যক নামী দামী তাৰকাই অংশগ্ৰহণ কৰিব। অসমৰ যুৱ খেলুৱৈসকলৰ সৈত মত বিনিময় কৰিব ক্ৰীড়াজগতৰ কিংবদন্তি সকলে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসমক ক্ৰীড়াক্ষেত্ৰৰ ‘হাব’হিচাপে গঢ়ি তোলাৰ লক্ষ্যত এই অনুষ্ঠানে এক বিপুল পৰিৱৰ্তন সাধিব বুলি আশা কৰিছে অসম চৰকাৰে ।

লগতে চাওক- নিউজিলেণ্ড বনাম ইংলেণ্ড: 101 ৰানৰ অগ্ৰগতি ইংলেণ্ডৰ

Last Updated : Dec 2, 2019, 3:26 PM IST

ABOUT THE AUTHOR

...view details