স্পৰ্টছ ডেস্ক,৮ অক্টোবৰ :এইবাৰৰ এছিয়ান গেমছ ভাৰতৰ বাবে ঐতিহাসিক । চীনৰ হাংঝৌ এছিয়ান গেমছত ভাৰতে সৰ্বাধিক ১০৭ টা পদক লাভ কৰিছে । এছিয়ান গেমছৰ অভিযানত ভাৰতৰ এয়া সৰ্বাধিক পদক । যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনন্দ প্ৰকাশ কৰি খেলুৱৈসকলক অভিনন্দন জনাইছে ।
প্ৰধানমন্ত্ৰী মোডীয়ে এছিয়ান গেমছত সৰ্বাধিক ১০৭ টা পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈসকলক এক 'ঐতিহাসিক সাফল্য' বুলি অভিহিত কৰিছে । তেওঁ কয় যে সমগ্ৰ দেশ আনন্দিত হৈছে আৰু খেলুৱৈসকলৰ অটল সংকল্প আৰু কঠোৰ পৰিশ্ৰমে দেশক গৌৰৱান্বিত কৰিছে ।
ইয়াৰ পূৰ্বে এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়, "এছিয়ান গেমছত ভাৰতৰ বাবে কি এক ঐতিহাসিক সাফল্য ! আমাৰ দেশৰ খেলুৱৈসকলে সৰ্বাধিক ১০৭ টা পদক ঘৰলৈ অনাৰ বাবে সমগ্ৰ দেশ আনন্দিত হৈছে, এয়া যোৱা ৬০ বছৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন । আমাৰ খেলুৱৈসকলৰ অটল সংকল্প, নিৰলস মনোভাৱ আৰু কঠোৰ পৰিশ্ৰমে দেশক গৌৰৱান্বিত কৰিছে ।"