অসম

assam

ETV Bharat / sports

Neymar injury update: অনিশ্চয়তাত আঘাতপ্ৰাপ্ত নেইমাৰৰ দললৈ প্ৰত্যাৱৰ্তন - FIFA World Cup 2022

শুকুৰবাৰে গ্ৰুপ G ৰ কেমেৰুণৰ বিৰুদ্ধে থকা ব্ৰাজিলৰ মেচখনত খেলিবলৈ নেইমাৰ সময়মতে সুস্থ হৈ উঠিব নোৱাৰিব বুলি ৰড্ৰিগো লাছমাৰে কয় (Neymar to miss Brazils last group match)। নেইমাৰ পুনৰ খেলপথাৰলৈ উভতি অহাৰ কোনো সময়সূচী দিয়া নাই লাছমাৰে (Neymar injury update) ৷ খেলুৱৈগৰাকী আচলতে খেলৰ বাবে সুস্থ হ’ব নে নাই সেই কথাও কোৱা নাই চিকিৎসকে ।

Neymar injury update
Football World Cup updates

By

Published : Nov 30, 2022, 9:23 AM IST

নিউজ ডেস্ক, 30 নৱেম্বৰ:সোঁ ভৰিৰ গোৰোহাৰ আঘাতৰ বাবে ব্ৰাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰে (Neymar ankle injury) ফিফা বিশ্বকাপৰ অন্তিমখন গ্ৰুপ মেচত অংশ ল’ব নোৱাৰিব (FIFA World Cup 2022) ৷ মঙলবাৰে দলৰ চিকিৎসকে জনায় এই কথা । শুকুৰবাৰে গ্ৰুপ G ৰ কেমেৰুণৰ বিৰুদ্ধে থকা ব্ৰাজিলৰ মেচখনত খেলিবলৈ নেইমাৰ সময়মতে সুস্থ হৈ উঠিব নোৱাৰিব বুলি ৰড্ৰিগো লাছমাৰে কয় । সোমবাৰে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে খেলা খেলখনত নেইমাৰে অংশ ল’ব নোৱাৰিলে যদিও ব্ৰাজিলে ১-০ গ’লত জয়লাভ কৰি ১৬ ৰাউণ্ডত নিজৰ স্থান নিশ্চিত কৰিলে । কেমেৰুণৰ বিৰুদ্ধে ড্ৰ’ খেলিলেও ব্ৰাজিল গ্ৰুপ G ৰ প্ৰথম স্থানত থাকিব (Football World Cup updates) ।

নেইমাৰ পুনৰ খেলপথাৰলৈ উভতি অহাৰ কোনো সময়সূচী দিয়া নাই লাছমাৰে ৷ খেলুৱৈগৰাকী আচলতে খেলৰ বাবে সুস্থ হ’ব নে নাই সেই কথাও কোৱা নাই চিকিৎসকে (Neymar to miss Brazils last group match) । ব্ৰাজিলৰ প্ৰশিক্ষকৰ দলে অৱশ্যে মঙলবাৰে পুনৰ কয় যে, পেৰিছ ছেইণ্ট জাৰ্মেইনৰ ফৰৱাৰ্ডগৰাকীয়ে কাটাৰত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাত পুনৰ খেলাৰ সম্ভাৱনা আছে ।

ছাৰ্বিয়াৰ বিৰুদ্ধে ব্ৰাজিলৰ প্ৰথমখন খেলৰ সময়ত গোৰোহাৰ লিগামেণ্টত আঘাত পোৱা নেইমাৰেই আছিল একমাত্ৰ খেলুৱৈ যিয়ে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে ব্ৰাজিলৰ খেলখন চাবলৈ ৯৭৪ ষ্টেডিয়ামলৈ যাব পৰা নাছিল । ফিজিঅ’থেৰাপি চিকিৎসাৰ বাবে তেওঁ টীম হোটেলতে থাকিবলগীয়া হয় ।

লাছমাৰে কয় যে, সোমবাৰেও নেইমাৰৰ জ্বৰ উঠিছিল যদিও জ্বৰ নিয়ন্ত্ৰণত আছিল ৷ ইয়াৰ ফলত তেওঁৰ ভৰিৰ গোৰোহাৰ চিকিৎসাত কোনো প্ৰভাৱ নপৰে । গোৰোহাৰ আঘাতৰ বাবে চিকিৎসা কৰি থকা দলটোৰ ৰাইট বেক ডানিলো আৰু পেশীৰ আঘাতৰ বাবে সোমবাৰৰ মেচখন এৰিবলগীয়া হোৱা লেফ্ট বেক এলেক্স চেণ্ড্ৰ’ৱেও কেমেৰুণৰ বিৰুদ্ধে খেলিব নোৱাৰিব বুলি লাছমাৰে জনায় (Neymar to miss Brazil game) ।

অনিশ্চয়তাত আঘাতপ্ৰাপ্ত নেইমাৰৰ দললৈ প্ৰত্যাৱৰ্তন

যোৱা সপ্তাহত দলটোৰ প্ৰথমখন খেলত আঘাতপ্ৰাপ্ত হোৱা ডানিলোৱে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে খেলখনতো অংশ ল’ব নোৱাৰিলে । ছুইজাৰলেণ্ডৰ বিৰুদ্ধে ব্ৰাজিলৰ জয়ৰ অন্তিম মিনিটত আঘাতপ্ৰাপ্ত হোৱা এলেক্স চেণ্ড্ৰ’ৰ ঠাইত এলেক্স টেলেছক অন্তৰ্ভুক্ত কৰা হয় । মঙলবাৰে কৰা পৰীক্ষাত দেখা গৈছে যে, তেওঁৰ বাওঁ নিতম্বৰ পেশীত আঘাত পাইছে । ডানিলো আৰু এলেক্স চেণ্ড্ৰ’ও কেতিয়া সম্পূৰ্ণ সুস্থ হ’ব সেই বিষয়ে লাছমাৰে কোনো নিৰ্দিষ্ট সময় প্ৰদান কৰা নাই ।

সোমবাৰৰ আৰম্ভণিৰ লাইনআপত নেইমাৰৰ ঠাইত ফ্ৰেড আৰু ডানিলোৰ ঠাইত ডেৰ মিলিটোক অন্তৰ্ভুক্ত কৰে প্ৰশিক্ষক টাইটে । শুকুৰবাৰে কোনে খেলিব সেই কথা এতিয়াও ঘোষণা কৰা নাই প্ৰশিক্ষকগৰাকীয়ে ৷ কেমেৰুণৰ বিৰুদ্ধে মেচখন ড্ৰ’ খেলিলেও ব্ৰাজিলক প্ৰথম স্থান লাভ কৰিবলৈ যথেষ্ট হ’ব বুলি বিবেচনা কৰি খেলুৱৈ কেইজনক ঘূৰাই অনাৰ আশা কৰা হৈছে ৷

যদি ব্ৰাজিলে প্ৰথম স্থান লাভ কৰে তেন্তে মাত্ৰ তিনিদিন পিছতহে অন্তিম ১৬ ৰাউণ্ডৰ মেচখন অনুষ্ঠিত হ’ব । ব্ৰাজিলৰ প্ৰতিদ্বন্দ্বী গ্ৰুপ H ৰ পৰা আহিব ৷ গ্ৰুপ H ত আছে পৰ্তুগাল, উৰুগুৱে, দক্ষিণ কোৰিয়া আৰু ঘানা ।

ব্ৰাজিলৰ সৈতে নিজৰ খেলুৱৈ জীৱনৰ প্ৰথমটো ডাঙৰ খিতাপ জয় কৰিবলৈ চেষ্টা কৰা নেইমাৰে বিখ্যাত খেলুৱৈ পেলেৰ সৰ্বকালৰ ৭৭ টা গ’লৰ অভিলেখৰ পৰা দুটা গ’ল পিচত আছে । ব্ৰাজিলত ২০১৯ চনত অনুষ্ঠিত হোৱা কোপা আমেৰিকাতো তেওঁৰ সোঁ ভৰিৰ গোৰোহাই আঘাত পাইছিল । পাঁচ বছৰ পূৰ্বে কলম্বিয়াৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত পিঠিত আঘাত পোৱাৰ বাবে ব্ৰাজিলত অনুষ্ঠিত হোৱা বিশ্বকাপৰ পৰা বাহিৰ হ’ব লগীয়া হৈছিল নেইমাৰ ৷

লগতে পঢ়ক:FIFA World Cup: নেইমাৰ বিহীন ব্ৰাজিলে 1-0 গ’লত পৰাস্ত কৰিলে ছুইজাৰলেণ্ডক

ABOUT THE AUTHOR

...view details