অসম

assam

ETV Bharat / sports

ভাৰতীয় জিমনাষ্টিকৰ আন এক সোণালী নাম প্ৰিয়ংকা - খেল’ ইণ্ডিয়া 2020

ত্ৰিপুৰী জিমনাষ্ট কন্যা প্ৰিয়ংকা দাস গুপ্তাৰ সফলতাই কঢ়িয়াইছে ভাৰতবৰ্ষৰ জিমনাষ্টিকলৈ এক আশাৰ ৰেঙণি ৷ চলিত খেল’ ইণ্ডিয়াত 4টাকৈ সোণৰ লাভ কৰি প্ৰিয়ংকাই জিনিছে সকলোৰে হৃদয় ৷

New gymnast priyanka das Gupta achievement
ভাৰতীয় জিমানাষ্টিকৰ আন এক সোণালী নাম প্ৰিয়ংকা

By

Published : Jan 12, 2020, 10:20 AM IST

Updated : Jan 12, 2020, 2:41 PM IST

গুৱাহাটী, 12 জানুৱাৰীঃ অলিম্পিক ইতিহাসত প্ৰথমগৰাকী ভাৰতীয় জিমনাষ্ট হিচাপে অংশগ্ৰহণ কৰিৰিঅ’ অলিম্পিকত চতুৰ্থ স্থান লাভ কৰা ত্ৰিপুৰাৰ দীপা কৰ্মকাৰৰ কথা দেশবাসীৰ মনত আজিও সজীৱ হৈ আছে ৷ ইয়াৰোপৰি 2014 চনত গ্লাছগ’ কমনৱেল্থ গেমছত দীপাই ব্ৰঞ্জৰ পদক লাভ কৰি সকলোৰে হৃদয় জিনিবলৈ সক্ষম হৈছিল ৷ পিচে এইবাৰ পুনৰ চৰ্চালৈ আহিছে আন এগৰাকী ত্ৰিপুৰী জিমনাষ্ট কন্যা প্ৰিয়ংকা দাস গুপ্তা ৷ গুৱাহাটীত চলি থকাখেল’ ইণ্ডিয়া 2020-ত জিমনাষ্টিকত প্ৰিয়ংকাই চাৰিটা সোণৰ পদক লাভ কৰি দৃষ্টি আকৰ্ষণ কৰিছে সমগ্ৰ ভাৰতবৰ্ষৰ ৷ ত্ৰিপুৰাৰ এগৰাকী গাড়ীচালকৰ কন্যা প্ৰিয়ংকা দাস গুপ্তাই চুইছে সফলতাৰ আকাশ ৷ প্ৰিয়ংকাই নিজৰ মাতৃৰ অনুপ্ৰেৰণা তথা দীপা কৰ্মকাৰক দেখিয়ে জিমনাষ্টিকৰ প্ৰতি আকৰ্ষিত হোৱা বুলি উল্লেখ কৰে ৷ এই ৰাষ্ট্ৰীয় সফলতাৰ পিচত এতিয়া প্ৰিয়ংকাৰ লক্ষ্য আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি দেশৰ বাবে সাফল্য কঢ়িয়াই অনাটো ৷

ভাৰতীয় জিমানাষ্টিকৰ আন এক সোণালী নাম প্ৰিয়ংকা

আনহাতে ত্ৰিপুৰাৰ সাধাৰণ দৰিদ্ৰ পৰিয়ালৰ এইগৰাকী প্ৰতিভাৱান জিমনাষ্ট প্ৰিয়ংকাৰ প্ৰথমগৰাকী প্ৰশিক্ষক এই সফলতাত যথেষ্ট সুখী তথা আশাবাদী ৷ উপযুক্ত সা-সুবিধা তথা প্ৰশিক্ষণ লাভ কৰিলে প্ৰিয়ংকাই অনাগত দিনত বিশেষ চমকপ্ৰদ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে প্ৰশিক্ষকগৰাকীয়ে ৷ উল্লেখ্য যে বৰ্তমান দীপা কৰ্মকাৰৰ প্ৰশিক্ষকে প্ৰিয়ংকাক প্ৰশিক্ষণ প্ৰদান কৰি আছে যদিও এগৰাকী খেলুৱৈৰ বাবে প্ৰয়োজনীয় খাদ্যৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে প্ৰিয়ংকাৰ দৰিদ্ৰ পিতৃ-মাতৃয়ে ৷

আৰু পঢ়কঃখেল’ ইণ্ডিয়া 2020: দ্বিতীয় দিনৰ অন্তত পদক তালিকাৰ শীৰ্ষত মহাৰাষ্ট্ৰ

Last Updated : Jan 12, 2020, 2:41 PM IST

ABOUT THE AUTHOR

...view details