অসম

assam

By

Published : Jun 8, 2021, 8:43 PM IST

ETV Bharat / sports

সুস্থ হৈ উঠিছে ক্ৰীড়া তাৰকা মিলখা সিঙ

কৰ'ণা(COVID-19)ৰ চিকিৎসা চলি থকাৰ মাজতে পূৰ্বতকৈ কিছু উন্নত হৈ উঠিছে ক্ৰীড়া তাৰকা মিলখা সিঙৰ স্বাস্থ্য ৷ স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ (পিজিআইএমইআৰ) স্বাস্থ্য বুলেটিন অনুসৰি মিলখা সিঙৰ অৱস্থাৰ ক্ৰমাৎ উন্নতি হৈছে ।

Milkha Singh
কিছু উন্নত হৈছে ক্ৰীড়া তাৰকা মিলখা সিঙৰ স্বাস্থ্য

স্পৰ্টছ ডেস্ক,৮ জুন:ক্ৰমাৎ উন্নত হৈ উঠিছে ক্ৰীড়া তাৰকা মিলখা সিঙৰ স্বাস্থ্য । কৰ'ণা(COVID-19)ৰ চিকিৎসা চলি থকাৰ মাজতে পূৰ্বতকৈ স্বাস্থ্যৰ উন্নতি হোৱা বুলি উল্লেখ কৰিছে হাস্পতাল কৰ্তৃপক্ষই । স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ (পিজিআইএমইআৰ) স্বাস্থ্য বুলেটিন অনুসৰি মিলখা সিঙৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমাৎ উন্নতি হৈছে ।

ক'ভিডত আক্ৰান্ত হোৱাত ৩ জুনত সিঙক ইণ্টেন্সিভ কেয়াৰ ইউনিট(ICU) ত ভৰ্তি কৰোৱা হৈছিল । ক্ৰীড়াবিদ গৰাকী সম্প্ৰতি প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ চিকিৎসক সকলেৰে গঠিত এটা চিকিৎসকৰ দলৰ পৰ্যবেক্ষণত আছে ।

উল্লেখ্য যে, কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচতে তেওঁক যোৱা মাহত মোহালিৰ ফৰ্টিছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । যোৱা সপ্তাহত তেওঁক মোহালিৰ চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল । কিন্তু তেওঁৰ দেহত অক্সিজেনৰ স্তৰ কম হোৱাৰ পাচতে ৩ জুনত পিজিআইএমইআৰত ভৰ্তি কৰোৱা হৈছিল ।

তেওঁৰ পত্নী ৮২ বছৰীয়া নিৰ্মল কৌৰ কৰ'ণাত আক্ৰান্ত হৈ এতিয়াও ফৰ্টিছ চিকিৎসালয়ত ভৰ্তি হৈ আছে ।

লগতে পঢ়ক:ফেন্স অ’পেনৰ পৰা নাম কৰ্তন ৰজাৰ ফেডেৰাৰৰ

ABOUT THE AUTHOR

...view details