অসম

assam

ETV Bharat / sports

পুণেৰ এএছআইত অলিম্পিকৰ প্ৰশিক্ষণ ল’ব মেৰীকমে - টকিঅ’ অলম্পিক

মেৰীকম (৫১ কিল’গ্ৰাম) আৰু আন এগৰাকী অলিম্পিক অভিমুখী বক্সাৰ লাভলিনা বৰগোঁহাইয়ে (৬৯ কিল’গ্ৰাম) সৈতে টকিঅ’ অলিম্পিকত যোগদান কৰিব ৷ টকিঅ' অলিম্পিকলৈ যাবলগীয়া চিমৰণজিৎ কৌৰে (60 কিল’গ্ৰাম) এএছআইত প্ৰশিক্ষণ ল'ব ৷ বক্সাৰগৰাকীয়ে কৰ’ণা ভাইৰাছৰ পৰা আৰোগ্য হৈ উঠাৰ পিছতো কোৱাৰাণ্টাইনত আছে ৷ সোনকালেই তেওঁ প্ৰশিক্ষণত যোগ দিয়াৰ সম্ভাৱনা আছে ৷

Mary Kom to train at ASI Pune for Olympics
পুণেৰ এএছআইত অলিম্পিকৰ প্ৰশিক্ষণ ল’ব মেৰীকমে

By

Published : May 5, 2021, 8:26 PM IST

স্প’ৰ্টছ ডেস্ক, 5 মে’: ছয়বাৰৰ বিশ্ব চেম্পিয়ন এমচি মেৰীকমে আন দুগৰাকী অলিম্পিক অভিমুখী বক্সাৰৰ সৈতে পুনেৰ আৰ্মী স্প’ৰ্টছ ইনষ্টিটিউটত প্ৰশিক্ষণ ল'ব ৷ য’ত তেওঁলোকক টকিঅ’ অলিম্পিকৰ বাবে সাজু কৰি তোলা হ’ব ৷ দিল্লীত বৃদ্ধি পোৱা কৰ’ণাৰ ত্ৰাসৰ ফলত দিল্লীত চলি থকা মহিলাসকলৰ ৰাষ্ট্ৰীয় শিবিৰ ভংগ কৰিবলগীয়া হৈছিল ৷ পুঁজিলিষ্ট আৰু সহায়ক কৰ্মচাৰীসকলৰ মাজৰ কেবাজনো কৰ’ণাত আক্ৰান্ত হোৱাৰ পাছতে উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷

মেৰীকম (৫১ কিল’গ্ৰাম) আৰু আন এগৰাকী অলিম্পিক অভিমুখী বক্সাৰ লাভলীনা বৰগোঁহাইয়ে (৬৯ কিল’গ্ৰাম)ৰ সৈতে টকিঅ’ অলিম্পিকত যোগদান কৰিব ৷ টকিঅ' অলিম্পিকলৈ যাবলগীয়া চিমৰাণজিৎ কৌৰে (60 কিল’গ্ৰাম) এএছআইত প্ৰশিক্ষণ ল'ব ৷ বক্সাৰগৰাকীয়ে কৰ’ণা ভাইৰাছৰ পৰা আৰোগ্য হৈ উঠাৰ পিছতো কোৱাৰাণ্টাইনত আছে ৷ সোনকালেই তেওঁ প্ৰশিক্ষণত যোগ দিয়াৰ সম্ভাৱনা আছে ৷ তদুপৰি সংক্ৰমণৰ আশংকা কম কৰিবলৈ বক্সাৰসকলক তিনিটা পৃথক গোটত ৰখা হ'ব ৷ অৱশ্যে খেলসমূহৰ বাবেও যোগ্যতা অৰ্জন কৰা পূজাৰাণীয়ে (75 কিল’গ্ৰাম) বেল্লাৰীৰ ইন্সপায়াৰ ইনষ্টিটিউট অৱ স্প’ৰ্টছত প্ৰশিক্ষণ অব্যাহত ৰাখিব ৷

মন কৰিবলগীয়া যে, মেৰীকমৰ প্ৰশিক্ষক তথা প্ৰাক্তন বক্সাৰ ছোটেলাল যাদৱ যোৱা মাহত কৰ’ণাত আক্ৰান্ত হোৱাত সম্প্ৰতি কোৱাৰেণ্টাইনত আছে ৷ গতিকে পৰৱৰ্তী কিছুদিনৰ ভিতৰত হ’বলগীয়া পুনৰ কৰ’ণা পৰীক্ষাত নিগেটিভ আহিলেহে শিবিৰত পুনৰ যোগদান কৰিব ৷

উল্লেখ্য যে, টকিঅ’ অলিম্পিক 23 জুলাইৰ পৰা আৰম্ভ হ’ব ৷ ইফালে ভাৰতীয় খেল প্ৰাধিকৰণেও জুলাই মাহৰ শেষলৈকে এএছআই শিবিৰক অনুমতি প্ৰদান কৰে ৷

লগতে পঢ়ক: অৱসৰ ঘোষণা টেনিছ তাৰকা বাৰবোৰা ষ্ট্ৰাইকোভাৰ

ABOUT THE AUTHOR

...view details