স্পৰ্টছ ডেস্ক, ২৮ এপ্ৰিলঃদেশত চলি থকা লক ডাউনৰ মাজত দেশবাসীক সুস্থ তথা ফিট থাকিবলৈ ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে আগবঢ়াইছে ফিটনেছ মন্ত্ৰ । লক ডাউনৰ মাজতো ঘৰৰ চাৰিবেৰৰ ভিতৰত কেনেকৈ নিজকে ফিট ৰাখিব পাৰি তাৰ বাবে ছ'চিয়েল মিডিয়াত খেলুৱৈগৰাকীয়ে শ্বেয়াৰ কৰিছে এক ফিটনেছ গুৰু মন্ত্ৰ ।
খেলুৱৈগৰাকীয়ে প'ষ্ট কৰি কৈছে- পৰিশ্ৰম কৰক, ভাল খাদ্য খাওক, ধৈৰ্য ধৰক । আপোনাৰ শৰীৰে আপোনাক পুৰস্কৃত কৰিব ।#ফিট ইণ্ডিয়া#ফিট ইণ্ডিয়া মুভমেণ্ট #সচেতন থাকক, সুৰক্ষিত থাকক ।