অসম

assam

ETV Bharat / sports

শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ প্ৰচাৰ : বিশ্ব স্বাস্থ্য় সংস্থা, ৰাষ্ট্ৰসংঘৰ সৈতে হাত মিলালে IOC য়ে - IOC joins hands with WHO, UN to promote physical, mental health

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ ফালৰ পৰা জনোৱা হৈছে যে, আগন্তুক সপ্তাহত অলিম্পিক এথলীট সকলৰ দ্বাৰা প্ৰদান কৰা হ'ব জনস্বাস্থ্য় সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য় । লগতে জনগণৰ মাজত মহামাৰী হ্ৰাস কৰিব পৰা আচৰণ গ্ৰহণ কৰা আৰু চলাই নিয়া, শাৰীৰিক আৰু মানসিক স্বাস্থ্য়ৰ উন্নতি কৰাৰ বাবে অনুপ্ৰাণিত কৰাৰ উৎস প্ৰদান কৰিব ।

IOC joins hands with WHO, UN to promote physical, mental health
IOC joins hands with WHO, UN to promote physical, mental health

By

Published : Jun 27, 2020, 8:12 PM IST

স্পৰ্টছ ডেস্ক, 27 জুনঃ মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিয়ে কৰ'ণা ভাইৰাছ মহামাৰীৰ মাজত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উন্নয়নৰ বাবে ৰাষ্ট্ৰসংঘ আৰু বিশ্ব স্বাস্থ্য় সংস্থাৰ সৈতে হাত মিলায় । লগতে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ দ্বাৰা কোৱা হয় যে, অলিম্পিক এথলীট সকলে আগন্তুক সপ্তাহত জনস্বাস্থ্য়ৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য় প্ৰদান কৰিব । লগতে জনগণৰ মাজত মহামাৰী হ্ৰাস কৰিব পৰা আচৰণ গ্ৰহণ কৰা আৰু চলাই নিয়া, শাৰীৰিক আৰু মানসিক স্বাস্থ্য়ৰ উন্নতি কৰাৰ বাবে অনুপ্ৰাণিত কৰাৰ উৎস প্ৰদান কৰিব ।

আইঅ'চিয়ে এক বিবৃতি যোগে কয়, "স্বাস্থ্যকৰ সন্মিলিত"(Healthy Together) বিষয়ক লৈ অংশীদাৰ আৰু এথলীট সকলে COVID-১৯ ৰ সংক্ৰমণ আৰু প্ৰভাৱ হ্ৰাস কৰাৰ বাবে আৱশ্য়কীয় সামূহিত প্ৰচেষ্টা আৰু বিশ্বব্যাপী সহযোগিতাৰ বিষয়টো আলোকপাত কৰিব ।

আইঅ'চিৰ সভাপতি থমাছ বাচে কয়, অলিম্পিক এথলীট সকলে কৰ'ণা ভাইৰাছ মহামাৰী সময়ত বিশ্বৰ বাবে প্ৰয়োজনীয় তথ্য আৰু সৰ্বোত্তম অনুশীলন সমূহ ভাগ কৰিব । ক্ৰীড়াই জীৱন ৰক্ষা কৰিব পাৰে । স্বাস্থ্য আৰু সুস্বাস্থ্যৰ বাবে খেলা-ধূলা আৰু শাৰীৰিক ক্ৰিয়া কাৰ্যকলাপ কিমান গুৰুত্বপূৰ্ণ আমি বিগত সময়ত দেখি আহিছো । বিশ্ব স্বাস্থ্য় সংস্থা আৰু ৰাষ্ট্ৰসংঘৰ সৈতে একত্ৰিত হৈ কাম কৰাৰ মাধ্য়মেৰে আমি আৰু এটা পদক্ষেপ ল'ব পাৰো । অলিম্পিক ক্ৰীড়াবিদ সকলে বিশ্বৰ বাবে এতিয়া প্ৰয়োজনীয় তথ্য আৰু সৰ্বোত্তম অনুশীলন সমূহ ভাগ কৰি ল'ব ।

থমাছ বাচ

আইঅ'চিয়ে লগতে কয়, বিশ্বব্য়াপী সংস্থা সমূহ একত্ৰিত হৈ কাম কৰাৰ বাবে আৰু নেতাৰ বাবে নিৰ্ভৰযোগ্য, বিশ্বাসযোগ্য তথ্য সৰবৰাহ কৰাৰ সন্ধান কৰি আছে আৰু এতিয়া অলিম্পিক ক্ৰীড়াবিদ সকল বিশ্বতেই এই তথ্যৰ বাৰ্তাবাহক হ'ব পাৰে ।

বিশ্ব স্বাস্থ্য় সংস্থাৰ মহাপৰিচালক টেড্ৰ'ছ অধ্যান'মে মন্তব্য কৰে যে, আমি গুৰুত্বপূৰ্ণ স্বাস্থ্য বাৰ্তা সম্প্ৰসাৰণ কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ সৈতে অংশীদাৰিত্ব কৰি আনন্দিত, যিয়ে বহু লোকৰ প্ৰাণ ৰক্ষা কৰিব । অলিম্পিয়ানে স্বাস্থ্যকৰ জনসংখ্য়াৰ পক্ষে জনগণৰ স্থিতিশীলতা নিশ্চিত কৰিব । যিমান আমাৰ স্বাস্থ্য় ব্য়ৱস্থাক COVID-১৯ ৰ বিৰুদ্ধে যুঁজ দিবলৈ হোৱা উচিত ।

এণ্ট'নিঅ' গুটেৰেছ

ৰাষ্ট্ৰসংঘৰ মহাসচিব, এণ্ট'নিঅ' গুটেৰেছে কয়, অভূতপূৰ্ব পৰিস্থিতিৰ প্ৰত্যাহ্বান আৰু পৰিৱৰ্তনৰ এই সময়ত COVID-১৯ মহামাৰীৰ পৰা আৰম্ভ কৰি বৰ্ণবৈষম্য আৰু সামাজিক ন্যায়, জলবায়ু সংকটৰ বাবে চলি অহা সংঘৰ্ষ বাবে পূৰ্বতে বিশ্বব্যাপী সংহতিৰ আশাৰ বৃহত্তম প্ৰয়োজন কেতিয়াও হোৱা নাই । অলিম্পিক আন্দোলন আৰু এথলীটে সদায় মানৱতাৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিছে । আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটি আৰু বিশ্ব স্বাস্থ্য় সংস্থাৰ সৈতে কাম কৰিবলৈ আৰু বিভিন্ন স্থানৰ লোক সকলক একত্ৰিত কৰাৰ আৰু#স্বাস্থ্য়কৰ সন্মিলিত হোৱাৰ আহ্বান জনায় সন্তুষ্ট প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই ।

আইঅ'চিয়ে লগতে জনাই যে, তিনিটা সংগঠনৰ স্থানীয় স্বাস্থ্য বিষয়ববীয়াৰ সৈতে মিলিত হৈ জনস্বাস্থ্য নিৰ্দেশ আৰু উৎস সমূহ ভাগ কৰি লোৱাৰ লগতে ব্যক্তি সকলক যথাযথ পদক্ষেপ আৰু সতৰ্কতা অৱলম্বন কৰিবলৈ আৰু অধিক শক্তিশালী কৰিবলৈ কাম কৰা হ'ব ।

আনহাতে বিশ্ব স্বাস্থ্য় সংস্থাই জনগণ য'ত বাস কৰিছে আৰু য'ত ডিজিটেল প্লেটফৰ্মৰ মাধ্য়মেৰে পৰিস্থিতি পৰিৱৰ্তিত হ'ব পাৰে তাত গুৰুত্বপূৰ্ণ তথ্য আনিবলৈ এথলীটৰ সৈতে কাম কৰিব বুলি উল্লেখ কৰে ।

ABOUT THE AUTHOR

...view details