অসম

assam

ETV Bharat / sports

Commonwealth Weightlifting Championships 2023 : কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ সফল সমাপ্তি - India won 20 medals in CWC

১২ জুলাইৰ পৰা ভাৰতত অনুষ্ঠিত হৈছে কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপ ২০২৩ । ১৬ জুলাইত প্ৰতিযোগিতাৰ সফল সমাপ্তি হয় । ভাৰতে ২০ টা পদকেৰে প্ৰতিযোগিতাত সফল হোৱা দেখা গৈছে ।

Commonwealth Weightlifting Championships 2023
কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতৰ সফল সমাপ্তি

By

Published : Jul 17, 2023, 1:03 PM IST

স্পৰ্টছ ডেস্ক,১৭ জুলাই :কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপ ২০২৩ ত ভাৰতীয় খেলুৱৈয়ে উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে । প্ৰতিযোগিতাত ভাৰতীয়সকলে ২০ টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে । লাভপ্ৰীত সিং আৰু পূৰ্ণিমা পাণ্ডেয়ে অন্তিম দিনা পদক লাভ কৰি ভাৰতৰ যাত্ৰা শেষ কৰে । প্ৰতিযোগিতাখনৰ অন্তিম দিনা ভাৰতীয় ভাৰোত্তোলকসকলে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

ভাৰতে মুঠ ৯ টা স্বৰ্ণ, ৯ টা ৰূপ আৰু ২ ব্ৰঞ্জৰ পদক লাভ কৰে । প্ৰতিযোগিতাৰ অন্তিম দিনা যোৱা সংস্কৰণৰ চেম্পিয়ন পূৰ্ণিমাই মহিলাৰ ৮৭ প্লাছ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে । প্ৰতিযোগিতাখনৰ অন্তিম ইভেণ্টত ভাৰতৰ পৰমবীৰ সিং আৰু কেশৱ বিছাই ১০৯ প্লাছ কিলোগ্ৰাম জুনিয়ৰ শাখাত আয়োজক দলৰ বাবে স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰে ।

পদক লাভৰ পাছত ভাৰতীয় ভাৰোত্তোলক কেশৱ বিছাই কয় যে তেওঁ আনন্দিত যদিও তেওঁৰ প্ৰদৰ্শনক লৈ কিছু হতাশ হৈছে । পৰৱৰ্তী সময়ত তেওঁ ইয়াতকৈও উন্নত প্ৰদৰ্শন কৰিব বুলি আশ্বাস দিয়ে । আনহাতে ভাৰতৰ হৈ কমনৱেলথ আৰু এছিয়ান গেমছত পদক অৰ্জন কৰিব বুলিও আশা প্ৰকাশ কৰে ।

ছিনিয়ৰ ইভেণ্টত ভাৰতৰ ১৯ গৰাকী খেলুৱৈয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । তাৰ ভিতৰত ৯ জনে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় । মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাত টকিঅ' অলিম্পিকত পদক বিজয়ী মীৰাবাই চানু আৰু মুকুন্দৰ অনুপস্থিতিত স্বৰ্ণ পদক অৰ্জন কৰা জ্ঞানেশ্বৰীক জুনিয়ৰ শ্ৰেণীত 'শ্ৰেষ্ঠ লিফ্টাৰ' বঁটা প্ৰদান কৰা হয় । ভাৰতে যুৱ, কনিষ্ঠ আৰু জ্যেষ্ঠ পুৰুষ আৰু মহিলাৰ শিতানতো বঁটা লাভ কৰে । ভাৰতে উন্নত প্ৰদৰ্শনে ক্ৰীড়াপ্ৰেমীক যথেষ্ট উৎসাহিত কৰি তুলিছে ।

উল্লেখ্য যে ২০২৩ চনৰ কমনৱেলথ ভাৰোত্তোলন চেম্পিয়নশ্বিপ ১২ জুলাইৰ পৰা ১৬ জুলাইলৈ ভাৰতত অনুষ্ঠিত হয় । উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাৰ গৌতম বুদ্ধ বিশ্ববিদ্যালয়ত এই প্ৰতিযোগিতা অনুষ্ঠিত হয় । আয়োজক ভাৰতৰ ২০ জনীয়া দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Wimbledon 2023: উইম্বলডন ২০২৩ গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন স্পেইনৰ কাৰ্লোছ আলকাৰাজৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details