স্পৰ্টছ ডেস্ক, 13 অক্টোবৰঃসমাপ্ত হ’ল ৰাছিয়াৰ উলান উদেত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ৷ এই চেম্পিয়নশ্বিপত ভাৰতৰ সুন্দৰ প্ৰদৰ্শন ৷ আঁজুৰি আনিলে মুঠ চাৰিটাকৈ পদক ৷ য’ত তিনিটা ব্ৰঞ্জ পদকৰ লগতে আছে এটা ৰূপৰ পদক ৷ টুৰ্ণামেণ্টখনৰ অন্তিমটো দিনত অৰ্থাৎ দেওবাৰে ৰূপৰ পদক জয় কৰিবলৈ সক্ষম হয় ভাৰতৰ যুৱ বক্সাৰ মঞ্জু ৰাণীয়ে ৷ 48 কিলোগ্ৰাম শাখাৰ ফাইনেল মেচত ৰাছিয়াৰে খেলুৱৈ একাতেৰিনা পাল্টছেৱাৰ হাতত 4-1 ৰ ব্যৱধানত পৰাস্ত হয় মঞ্জু ৷
উল্লেখ্য যে, শনিবাৰে খেলুৱৈগৰাকীয়ে নিজৰ অভিষেক মেচতেই বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিয়ে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পূৰ্বে 2001 চনত অভিষেক মেচতে বিশ্ব চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছিল মেৰী কমে ৷