নিউজ ডেস্ক, 26 ডিচেম্বৰ: তাৰকা মল্লযুঁজাৰু তথা বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী বিনেশ ফোগটে মঙলবাৰে ঘোষণা কৰে যে তেওঁ দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চন্দ খেল ৰত্ন বঁটা আৰু অৰ্জুন বঁটা চৰকাৰক ঘূৰাই দিব ৷ ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি হিচাপে ব্রিজ ভূষণ শৰণ সিঙৰ অনুগত্যবাদী সঞ্জয় সিং নিৰ্বাচিত হোৱাৰ বিৰুদ্ধে প্ৰতিবাদ জনায় তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।
পূৰ্বে টুইটাৰ নামেৰে পৰিচিত Xত এটা দীঘলীয়া পোষ্টত বিনেশ ফোগটে কয় যে, "মই মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা আৰু অৰ্জুন বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছোঁ । আমাক এই অৱস্থালৈ অনাৰ বাবে শক্তিশালীসকলক বহুত বহুত ধন্যবাদ ।" তেওঁ পোষ্টটোত এখন চিঠিও সংলগ্ন কৰিছিল, যিখন তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখিছে ৷
বিনেশ ফোগটে চিঠিখনত লিখিছে, ‘‘মোক মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা আৰু অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল যদিও দুৰ্ভাগ্যজনকভাৱে মোৰ জীৱনত ইয়াৰ কোনো অৰ্থ নাই । প্ৰতিগৰাকী মহিলাই সন্মানেৰে জীয়াই থাকিব বিচাৰে । গতিকে প্ৰধানমন্ত্ৰী ছাৰ, দুয়োটা বঁটা মই উভতাই দিব বিচাৰো ৷ যাতে আমি সন্মানেৰে কাম কৰিব পাৰো আৰু বঁটাবোৰ মোৰ বাবে যাতে বোজা হৈ নাযায় ।’’
ইয়াৰ পূৰ্বে অলিম্পিয়ান বজৰং পুনিয়াই দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী ঘূৰাই দি, নতুন দিল্লীৰ কাৰ্তব্য পথৰ পদপথত এৰি থৈ গৈছিল । আনকি তাৰকা মল্লযুঁজাৰু সাক্ষী মালিকেও এই খেল এৰি দিয়াৰ কথা ঘোষণা কৰিছিল ।
বৃহস্পতিবাৰে ব্রিজ ভূষণৰ ঘনিষ্ঠ সহায়কৰ নেতৃত্বত গঠিত পেনেল জয়ী হোৱাৰ পাছত মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত WFI ৰ প্রাক্তন মুৰব্বী তথা বিজেপিৰ সাংসদ ব্রিজ ভূষণ শৰণ সিঙৰ ঘনিষ্ঠ সহযোগী সঞ্জয় সিঙক WFI ৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয় । মল্লযুঁজাৰুসকলে ব্রিজ ভূষণৰ কোনো ঘনিষ্ঠ সহযোগীক WFI প্রশাসনত প্রৱেশ নকৰিবলৈ দাবী জনাইছিল ৷
কিন্তু পিছত ক্ৰীড়া মন্ত্ৰালয়ে সিদ্ধান্ত গ্ৰহণৰ সময়ত নিজৰ সংবিধানৰ বিধানসমূহ পালন নকৰাৰ বাবে নৱনিৰ্বাচিত পেনেলটোক নিলম্বন কৰাৰ লগতে ক্ৰীড়া সংস্থাটোৰ কাম-কাজ পৰিচালনাৰ বাবে আই অ’ এক এড-হক পেনেল গঠন কৰিবলৈও কয় । নতুন পেনেলক স্থগিত ৰখাৰ সময়ত চৰকাৰে প্ৰস্তুতিৰ বাবে “যথাযথ পদ্ধতি অনুসৰণ নকৰাকৈ আৰু মল্লযুঁজাৰুসকলক পৰ্যাপ্ত জাননী নিদিয়াকৈ” 15 আৰু 20 বছৰ অনুৰ্ধৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আয়োজন কৰাৰ বাবে ইয়াক “খৰখেদা ঘোষণা” বুলি উল্লেখ কৰে ।
লগতে পঢ়ক:ক্ৰীড়া মন্ত্ৰালয়ৰ কঠোৰ পদক্ষেপ, ভাৰতীয় কুস্তি ফেডাৰেচনৰ নৱ-নিৰ্বাচিত সভাপতি সঞ্জয় সিঙক নিলম্বন