নিউজ ডেস্ক, 13 জুন :পুনৰ ক্ৰীড়া জগতলৈ ঘূৰি অহাৰ বাবে সংকল্পবদ্ধ হৈছে ২০১৮ চনত ৪০০ মিটাৰ দৌৰত খ্যাতি অৰ্জন কৰা তাৰকা খেলুৱৈ হিমা দাস ৷ বিগত এছিয়ান গেমছত খেলুৱৈগৰাকীয়ে পদক অৰ্জন কৰিছিল যদিও পিঠিত আঘাতপ্ৰাপ্ত হোৱাৰ ফলত তেওঁ টকিঅ' অলিম্পিকত প্ৰৱেশ কৰিব পৰা নাছিল ৷ সম্প্ৰতি এই আঘাতৰ পৰা সম্পূৰ্ণ সুস্থ হৈ উঠাত পুনৰ ক্ৰীড়া জগতলৈ ঘূৰি আহিছে খেলুৱৈগৰাকী ৷
উল্লেখ্য যে, শনিবাৰে চেন্নাইত অনুষ্ঠিত নেশ্যনেল এথলেটিকছ চেম্পিয়নশ্বিপত(National Athletics Championships 2022 held in Chennai) অসম কন্যাগৰাকীয়ে ১১.৪৩ ছেকেণ্ডত ১০০ মিটাৰ দৌৰত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে(Hima Das win gold medal National Athletics Championship) ।