অসম

assam

ETV Bharat / sports

হিমা দাসলৈ অসম চৰকাৰৰ উপ আৰক্ষী অধীক্ষকৰ চাকৰি - হিমা দাস

এটা শৈশৱৰ সপোন পূৰণ হ’ল বিশ্ব এথলেটিক ধিং এক্সপ্ৰেছ হিমা দাসৰ । হিমা দাসলৈ উপ আৰক্ষী অধীক্ষকৰ (DSP) চাকৰি ঘোষণা ৰাজ্য চৰকাৰৰ । পূৰ্বেও বহু চাকৰিৰ অফাৰ লাভ কৰিছিল হিমা দাসে । কিন্তু দিয়া নাছিল সন্মতি । এইবাৰ ডিএছপি চাকৰিত যোগদান কৰিব নে হিমা দাসে ? ইটিভি ভাৰতৰ Exclusive প্ৰতিবেদন ৷

Hima Das, DSP job, Assam govt declear for DSP to HIma, Hima Das Family Reaction
হিমা দাস হ’ব উপ আৰক্ষী অধীক্ষক

By

Published : Mar 6, 2020, 11:56 PM IST

স্পৰ্টছ ডেস্ক, 6 মাৰ্চ: ধিং এক্সপ্ৰেছ হিমা দাসক লৈ পুনৰ এবাৰ উৎফুল্লিত হিমাৰ পৰিয়াল । পূৰণ হ’ল বিশ্ব এথলেটিক হিমা দাসৰ এটি দীৰ্ঘদিনীয়া সপোন । শৈশৱৰ পৰাই বিভিন্ন অসামাজিক কামৰ বিৰুদ্ধে সাহসেৰে যুজঁ দিয়া ধিং এক্সপ্ৰেছ হিমা দাসে এইবাৰ পৰিধান কৰিব খাকী পোছাক । ডি এছ পি চাকৰিত যোগদান কৰিব দৌৰৰ ৰাণী হিমা দাসে ।

এথলেটিকত বিশ্ব চেম্পিয়নশ্বিপত পদক অর্জন কৰাৰ পিচতেই বিভিন্ন চাকৰিৰ অফাৰ পাইছিল হিমা দাসে । কিন্তু কোনো চাকৰিতে যোগদানৰ সন্মতি দিয়া নাছিল হিমাই । শেহতীয়াকৈ ৰাজ্য চৰকাৰে হিমা দাসক উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে।

শুকুৰবাৰে ৰাজ্য চৰকাৰৰ প্ৰথম কাৰ্যকালৰ অন্তিম বাজেটত ঘোষণা কৰিলে বিশ্ব এথলেটিকক হিমা দাসক উপ আৰক্ষী অধীক্ষক চাকৰি দিয়াৰ কথা । প্ৰথমগৰাকী হিতাধিকাৰী হিচাপে নাম ঘোষণা হ’ল ধিং এক্সপ্ৰেছ হিমা দাসৰ । তাৰ পিছতেই হিমা দাসৰ বাসগৃহত উপস্থিত হ’ল ইটিভি ভাৰতৰ সাংবাদিক । হিমাই ডি এছ পি চাকৰিত যোগদান কৰিব নে এই সম্পৰ্কে পৰিয়ালৰ পৰা জানিবলৈ চেষ্টা কৰিলে আমাৰ সাংবাদিক ৰকিবুল ৱাহিদে । খবৰ পায়েই হিমাই ফোন কৰিলে পিতৃ-মাতৃক । হিমা দাসৰ ডি এছ পি চাকৰিৰ খবৰে উৎফুল্লিত কৰিলে পৰিয়ালক । চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিলে হিমা দাসৰ পিতৃ মাতৃয়ে । কেৱল পিতৃ মাতৃয়েই নহয় এই খবৰে উৎফুল্লিত কৰিছে হিমা দাসৰ পৰিয়ালৰ আটাইকেইজন সদস্যক ।

হিমা দাসক উপ আৰক্ষী অধীক্ষকৰ চাকৰি প্ৰদান অসম চৰকাৰৰ

উল্লেখ্য যে, যি সকল খেলুৱৈয়ে অলিম্পিক, এছিয়ান গেমছ, কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰিছে তেওঁলোকক ৰাজ্য চৰকাৰে প্ৰথম শ্ৰেণীৰ বিষয়াৰ নিযুক্তি প্ৰদান কৰিব ৷

হিমা দাস

লগতে চাওক- অসম বাজেট 2020-21 : থোৰতে ক্ৰীড়াখণ্ড

ABOUT THE AUTHOR

...view details