স্পৰ্টছ ডেস্ক, 25 জুলাই :ভাৰতীয় স্প্ৰীন্টাৰ তথা অসম কন্যা হিমা দাসে এছিয়ান গেমছ 2018 ৰ স্বৰ্ণ পদক COVID-19 যোদ্ধালৈ উচৰ্গা কৰাৰ কথা ঘোষণা কৰে ৷ উল্লেখ্য যে, ভাৰতীয় 4x400 মিক্সড ৰিলেত এছিয়ান গেমছ 2018 ত ভাৰতৰ মহম্মদ অনছ, এম. আৰ. পুবাম্মা, হিমা দাস আৰু আৰোকিয়া ৰাজীৱে দখল কৰিছিল ৰূপৰ পদক ৷ আনহাতে, সেই প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰা বাহৰেইনৰ কেমি আডেকোয়া ড'প টেষ্টত ব্যৰ্থ হোৱাৰ লগতে চাৰি বছৰৰ নিষেধাজ্ঞা আৰোপ কৰা হয় ৷ ইয়াৰ পাচতে ভাৰতৰ ৰূপৰ পদক স্বৰ্ণলৈ উন্নীত কৰা হয় ৷
ভাৰতৰ দলটোৱে 3:15:71 সময়ত 4x400 মিক্সড ৰিলে সম্পূৰ্ণ কৰাৰ পৰিৱৰ্তে বাহৰেইনে লৈছিল 3:11:89 সময় ৷ ভাৰতৰ পদক স্বৰ্ণলৈ উন্নীত হোৱাৰ পাচতে সকলোৰে সু-স্বাস্থ্যৰ বাবে দিনে-নিশাই কৰ্তব্যত ব্ৰতী থকা আৰক্ষী আৰু চিকিৎসক তথা স্বাস্থ্যকৰ্মী সকললৈ এই পদক উচৰ্গা কৰে ৷
টুইটাৰৰ জৰিয়তে হিমাই কয়, "মোৰ স্বৰ্ণলৈ উন্নীত হোৱা 4x400 মিক্সড ৰিলেৰ পদকটো চিকিৎসক আৰু অন্য COVID যোদ্ধাসকললৈ উচৰ্গা কৰিব বিচাৰিছো ৷ এই কঠিন পৰিস্থিতিত তেওঁলোকে সকলোৰে সু-স্বাস্থ্যৰ বাবে নিঃস্বাৰ্থভাৱে কাম কৰিছে ৷ তেওঁলোকলৈ মই সন্মান জনালো ৷"