অসম

assam

ETV Bharat / sports

ক্ৰীড়া মন্ত্ৰালয়ক অলিম্পিকৰ প্ৰস্তুতি আৰম্ভ কৰাৰ আহ্বান বজৰং পুনিয়াৰ - Paris Olympic 2024

WFI Controversy: শেহতীয়া কেইবামাহ ধৰি বিতৰ্কৰ মাজত ভাৰতৰ কুস্তি ফেডাৰেশ্যন ৷ মল্লযুঁজৰ কাৰ্যকলাপো প্ৰায় বন্ধ হৈ আছে । সেয়ে অলিম্পিক বিজয়ী মল্লযুঁজাৰু বজৰং পুনিয়াই পেৰিছ অলিম্পিকৰ প্ৰাকক্ষণত খেলুৱৈৰ প্ৰস্তুতিৰ ব্যৱস্থা কৰিবলৈ ক্ৰীড়া মন্ত্ৰালয়ক আহ্বান জনাইছে ।

Bajrang Punia
ক্ৰীড়া মন্ত্ৰালয়ক অলিম্পিকৰ প্ৰস্তুতি আৰম্ভ কৰাৰ আহ্বান বজৰং পুনিয়াৰ

By PTI

Published : Dec 30, 2023, 2:56 PM IST

স্পৰ্টছ ডেস্ক,৩০ ডিচেম্বৰ :পেৰিছ অলিম্পিকলৈ প্ৰায় ৭ মাহ বাকী আছে । তাৰ প্ৰাকক্ষণত অলিম্পিক পদক বিজয়ী বজৰং পুনিয়াই ক্ৰীড়া মন্ত্ৰালয়ক অহা বছৰৰ পেৰিছ গেমছৰ বাবে দেশত মল্লযুঁজৰ প্ৰশিক্ষণ তথা কাৰ্যকলাপ পুনৰ আৰম্ভ কৰিবলৈ আহ্বান জনাইছে । তেওঁ দাবী কৰিছে যে কোনেও অলিম্পিকৰ প্ৰস্তুতিক গুৰুত্ব সহকাৰে লোৱা নাই ।

উল্লেখ্য যে প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ পিচতে একপ্ৰকাৰ অস্থিৰতাই বিৰাজ কৰিছিল আৰু যোৱা কেইবামাহ ধৰি মল্লযুঁজৰ কাৰ্যকলাপ স্থবিৰ হৈ পৰিছে । আনকি ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যন সমিতিৰ নিৰ্বাচনেও স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই আনিব নোৱাৰিলে । কিয়নো ক্ৰীড়া মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ১৫ অনুৰ্ধৰ আৰু ২০ অনুৰ্ধৰ চেম্পিয়নশ্বিপ ঘোষণা কৰাৰ ক্ষেত্ৰত নিজৰ সংবিধান উলংঘনৰ কথা উল্লেখ কৰি সঞ্জয় সিঙৰ নেতৃত্বৰ পেনেলক নিলম্বন কৰিছে ।

বজৰং পুনিয়াই কয় যে দীৰ্ঘদিন ধৰি মল্লযুঁজৰ কাৰ্যকলাপ স্থবিৰ হৈ আছে । খেলুৱৈসকলক পেৰিছ অলিম্পিকৰ বাবে প্ৰস্তুতি চলাবলৈ কোনো শিবিৰৰ আয়োজন কৰা হোৱা নাই । ব্ৰীজ ভূষণৰ শিবিৰৰ সঞ্জয় সিং শেহতীয়াকৈ মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি হোৱাৰ প্ৰতিবাদত পদ্মশ্ৰী ঘূৰাই দিয়াৰ সিদ্ধান্ত লোৱা পুনিয়াই লগতে কয় যে অলিম্পিকৰ প্ৰস্তুতিৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন ।

পুনিয়াই কয় যে মল্লযুঁজৰ শিতানত যোৱা ৪ টা অলিম্পিকত একেৰাহে ৪ টা পদক লাভ কৰিছে । টকিঅ' অলিম্পিকত ৬৫ কিলোগ্ৰাম ফ্ৰীষ্টাইল ব্ৰঞ্জ বিজয়ী পুনিয়াই কয় যে বিষয়াসকলে খেলুৱৈসকলৰ ভৱিষ্যতৰ কথা মনত ৰাখিব লাগে ।

সেয়ে খেলুৱৈৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পুনিয়াই ক্ৰীড়া মন্ত্ৰালয়ক যিমান সম্ভৱ সোনকালে সকলো মল্লযুঁজৰ কাৰ্যকলাপ আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছে।

লগতে পঢ়ক :বিনেশ ফোগটে উভতাই দিলে মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ লগতে অৰ্জুন বঁটা

ABOUT THE AUTHOR

...view details