অসম

assam

ETV Bharat / sports

ঢেকীয়াজুলিৰ বিহগুৰিত কাৰাটে প্ৰশিক্ষণ শিৱিৰ - শোণিতপুৰ জিলা

শোণিতপুৰ জিলাৰ বিহগুৰিত ২৩ আৰু ২৪ মাৰ্চত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় কাৰাটেৰ এক বিশেষ প্ৰশিক্ষণ শিৱিৰ ৷ য'ত প্ৰশিক্ষণ লাভ কৰে প্ৰায় দুশ যুৱক-যুৱতীয়ে ৷

ঢেকীয়াজুলিৰ বিহগুৰিত কাৰাটেৰ প্ৰশিক্ষণ শিৱিৰ

By

Published : Mar 25, 2019, 4:49 AM IST

তেজপুৰ, 25 মাৰ্চঃঢেকীয়াজুলি বিহগুৰিত শনিবাৰৰ পৰা "কাৰাটে দু অৰ্গেনাইজেশ্বন অসম'ৰ উদ্যোগত অনুষ্ঠিত হয় এক কাৰাটেপ্ৰশিক্ষণ শিবিৰ ৷ দুদিনীয়া কাৰাটে প্ৰশিক্ষণৰ শিবিৰৰ অন্ত পৰে দেওবাৰে ৷ সুদূৰ মুম্বাইৰ পৰা অহা বিশ্ব কাৰাটে ফেডাৰেচনৰ ৰেফাৰী পৰমজিৎ সিঙে প্ৰশিক্ষণ দিয়ে দুশ প্ৰশিক্ষাৰ্থীক ৷অসমৰ বিশিষ্ট কাৰাটে প্ৰশিক্ষক তীৰ্থনাথ শৰ্মা আৰু বিপুল শৰ্মাৰ তত্বাৱধানত অনুষ্ঠিত কৰা হয় এই কৰ্মশালা ৷

ঢেকীয়াজুলিৰ বিহগুৰিত কাৰাটেৰ প্ৰশিক্ষণ শিৱিৰ

"জাপান চুটুকান কানিন জুকো " ষ্টাইলত দিয়া এই কাৰাটেৰ প্ৰশিক্ষণ শিবিৰত অংশ গ্ৰহণ কৰি বিশ্ব কাৰাটে ফেডাৰেশ্বনৰ জেষ্ঠ ৰেফাৰী গৰাকীয়ে কয়, কাৰাটে তথা এই খেলে যুৱক যুৱতী সকলৰ শাৰিৰীক, মানসিক উৎকৰ্ষ সাধন কৰাৰ যথেষ্ট সহায় কৰিব ৷

চৰকাৰে যদি সহায় সহযোগিতা কৰে তেন্তে এনে বহু খেলুৱৈ আছে যিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এজন সুদক্ষ খেলুৱৈ হিচাপে গঢ় দিয়াৰ লগতে ভাৰতৰ হৈ পদক লাভ কৰিবলৈ সক্ষম হ'ব বুলিও তেওঁউল্লেখ কৰে ৷ আনহাতে শিক্ষা, কৰ্মসংস্থাপনৰ ক্ষেত্ৰটো ক্ৰীড়াৰযথেষ্ট সুবিধা থকাৰ লগতেনিয়মিত কাৰাটেৰ অনুশীলনে যুৱ সমাজক নিৰোগী কৰি ৰখাত সহায় কৰে বুলিওমন্তব্য কৰে সিঙে ৷

উল্লেখ্য যে, আগন্তুক ২০২০ চনত টকিঅ’ত অনুষ্ঠিত হ’ব লগা বিশ্ব অলিম্পকটো কাৰাটেক অন্তৰ্ভূক্ত কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details