স্পৰ্টছ ডেস্ক, 2 ছেপ্তেম্বৰ : অপূৰ্বী চাণ্ডেলা আৰু দীপক কুমাৰে যুটীয়াকৈ ৰিঅ' শ্বুটিং বিশ্বকাপত চতুৰ্থটো স্বৰ্ণ দখল কৰিবলৈ সক্ষম হৈছে ৷ ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত শ্বুটিং বিশ্বকাপৰ অন্তিম দিনা চতুৰ্থটো স্বৰ্ণ ভাৰতৰ দখললৈ আনে দুই গৰাকী শ্বুটাৰে ৷ ফাইনেলত ভাৰতীয় যুটীটোৱে চীনৰ য়াং কিয়ান আৰু য়ু হাওনানৰ যুটীক 16 - 6 ছেটত পৰাস্ত কৰে ৷
ৰিঅ' শ্বুটিং বিশ্বকাপত ভাৰতৰ চতুৰ্থটো স্বৰ্ণ - চীনৰ য়াং কিয়ান আৰু য়ু হাওনানৰ যুটীক 16 - 6 ছেটত পৰাস্ত
অপূৰ্বী চাণ্ডেলা আৰু দীপক কুমাৰে যুটীয়াকৈ ৰিঅ' শ্বুটিং বিশ্বকাপত চতুৰ্থটো স্বৰ্ণ দখল কৰিবলৈ সক্ষম হৈছে ৷ ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত শ্বুটিং বিশ্বকাপৰ অন্তিম দিনা চতুৰ্থটো স্বৰ্ণ ভাৰতৰ দখললৈ আনে দুই গৰাকী শ্বুটাৰে ৷ ফাইনেলত ভাৰতীয় যুটীটোৱে চীনৰ য়াং কিয়ান আৰু য়ু হাওনানৰ যুটীক 16 - 6 ছেটত পৰাস্ত কৰে ৷
ৰিঅ' শ্বুটিং বিশ্বকাপত ভাৰতৰ চতুৰ্থটো স্বৰ্ণ
চাণ্ডেলা আৰু কুমাৰৰ উপৰি অঞ্জুম আৰু দিব্যাঞ্চে ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ জৰিয়তে এই টুৰ্ণামেন্টত ভাৰতীয় দলে চাৰিটা স্বৰ্ণ, এটা ৰূপৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদক দখল কৰিছে ৷ ইয়াৰোপৰি, টুৰ্ণামেন্টত ভাৰতীয় দলে সৰ্বাধিক স্বৰ্ণ পদক দখলেৰে শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷