অসম

assam

ETV Bharat / sports

ৰাষ্ট্ৰীয় দলক নেতৃত্ব প্ৰদান কৰাটো এটা সন্মান: হৰমনপ্ৰীত সিং - OLYMPIC TEST

ৰাষ্ট্ৰীয় হকী দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰি গৌৰৱান্বিত হৰমনপ্ৰীত সিং ৷ এইয়া এক সন্মান আৰু ডাঙৰ দায়িত্ব বুলি মন্তব্য কৰে তেওঁ ৷

হৰমনপ্ৰীত সিং

By

Published : Jul 31, 2019, 4:52 PM IST

স্পৰ্টছ ডেস্ক,31 জুলাই : 2015 চনত ভাৰতৰ ৰাষ্ট্ৰীয় হকী দলত আত্মপ্ৰকাশ ঘটোৱা হৰমনপ্ৰীত সিঙে আগন্তুক অলিম্পিকৰ যোগ্যতা নিৰ্ণায়ক মেচত ভাৰতক সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিব ৷ এই সম্পৰ্কে খেলুৱৈ গৰাকীয়ে মন্তব্য কৰে যে,তেওঁক দলৰ নেতৃত্ব প্ৰদানৰ কথা কোৱাৰ সময়ত তেওঁ হতচকিত হৈ পৰিছিল ৷ এইয়া এক সন্মান আৰু ডাঙৰ দায়িত্ব বুলি প্ৰকাশ কৰে সিঙে ৷ দলক নেতৃত্ব প্ৰদান কৰিবলৈ উত্ৰাৱল হৈ থকাৰ লগতে প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈও সাজু বুলি জনাই খেলুৱৈ গৰাকীয়ে ৷

হৰমনপ্ৰীত সিং

উল্লেখ্য যে, সিং হৈছে ৰিঅ' অলিম্পিক 2016 ৰ ভাৰতীয় দলত স্থানপ্ৰাপ্ত খেলুৱৈ আৰু এফ আই এইছ চেম্পিয়নছ ট্ৰফীৰ ৰূপৰ পদক জয়ী ভাৰতীয় দলৰো খেলুৱৈ ৷ ইয়াৰোপৰি,সেই প্ৰতিযোগিতাৰ 'ৰাইজিং প্লেয়াৰ অৱ দা টুৰ্ণামেন্ট' ৰ সন্মান লাভ কৰিছিল হৰমনপ্ৰীত সিঙে ৷

হৰমনপ্ৰীত সিং

হকী ইণ্ডিয়াই জুলাই 25 তাৰিখে জাপানত অনুষ্ঠিত হ'বলগা অলিম্পিকৰ নিৰ্ণায়ক মেচৰ বাবে 18 জনীয়া দল ঘোষণা কৰিছিল ৷ এই প্ৰতিযাগিতাৰ বাবে মনপ্ৰীত সিং,পি.আৰ.শ্ৰীজেছ আৰু সুৰেন্দৰ কুমাৰৰ দৰে জ্যেষ্ঠ খেলুৱৈক বিৰতি প্ৰদান কৰা হৈছে ৷ এই জ্যেষ্ঠ খেলুৱৈ সকলৰ অনুপস্থিতিত হৰমনপ্ৰীত সিং আৰু মন্দীপ সিঙক অধিনায়ক আৰু সহ-অধিনায়ক হিচাপে নিৰ্বাচন কৰা হৈছে ৷ প্ৰতিযোগিতা খন চলিত বৰ্ষৰ 17 আগষ্টৰ পৰা 21 আগষ্টলৈ অনুষ্ঠিত হ'ব ৷

ABOUT THE AUTHOR

...view details